গুলী, বাৰুদেৰে নোৱাৰিলে ! এইবাৰ ইউক্ৰেইনক বানে মৰাৰ অপচেষ্টা ৰাছিয়াৰ...
গুলী, বাৰুদেৰে নোৱাৰিলে ! এইবাৰ ইউক্ৰেইনক বানে মৰাৰ অপচেষ্টা ৰাছিয়াৰ... 
আন্তঃৰাষ্ট্ৰীয়

গুলী, বাৰুদেৰে নোৱাৰিলে ! এইবাৰ ইউক্ৰেইনক বানে মৰাৰ অপচেষ্টা ৰাছিয়াৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শেষ নোহোৱা এখন যুদ্ধ। প্ৰায় এবছৰৰো অধিক কাল ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। যুদ্ধৰ ফলাফল কি হয় এতিয়াও কোনেও ক'ব নোৱাৰে। কিন্তু এটা কথা স্পষ্ট যে, এই যুদ্ধত বাৰুকৈয়ে বিব্ৰত হৈছে ৰাছিয়া।

মহাশক্তিশালী ৰাছিয়াই সহজতেই ইউক্ৰেইনক পৰাস্ত কৰিব পাৰিব বুলি ধাৰণা কৰিছিল যদিও হিতে বিপৰীতহে হ'ল। এই যুদ্ধত ইউক্ৰেইনক এফালৰ পৰা ধ্বংস কৰিবলৈ ৰাছিয়াই পাৰ্যমানে চেষ্টা কৰিছে যদিও এতিয়া ৰাছিয়াই সেনাৰ অভাৱত ভূগিবলৈ আৰম্ভ কৰিছে।

যাৰ বাবে দেশখনৰ সেনা বাহিনীৰ বিভিন্ন নীতি নিয়ম সলনি কৰিবলৈ বাধ্য হৈছে। আনকি ৰাছিয়াৰ হৈ যুদ্ধত অৱতীৰ্ণ হলে ৰাছিয়াৰ নাগৰিকত্বও প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে।

এনে পৰিস্থিতিৰ মাজতে ৰাছিয়াই ইউক্ৰেইনক গুলী, বাৰুদেৰে পৰাস্ত কৰিব নোৱাৰি এইবাৰ বানপানী সৃষ্টিৰে ইউক্ৰেইনক ধ্বংসৰ চেষ্টা চলাইছে ৰাছিয়াই ! অভিযোগ অনুসৰি ৰাছিয়াই এটা বান্ধ ভাঙি ইউক্ৰেইনলৈ পানী এৰি দিছে। ফলত প্ৰৱল বানৰ কৱলত পৰিছে ইউক্ৰেইন।

ইতিমধ্যে এই বানত ৫ জন লোকৰ মৃত্যু হৈছে। নিৰাপদ আশ্ৰ শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে প্ৰায় ৪ হজাৰ লোকে। বৃহস্পতিবাৰে পৰিস্থিতি বুজ ল'বলৈ এই শিবিৰত গৈ উপস্থিত হৈছেগৈ ৰাষ্ট্ৰপতি জেলনস্কি।

ইয়াৰোপৰি তেওঁ ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহায্যও ঘোষণা কৰিছে। উল্লেখ্য যে, ৰাছিয়াৰ দখলত থকা দক্ষিণ ইউক্ৰেইনৰ নোভা কাখোভকা চহৰত আছিল এই বান্ধটো। ১৯৫৬ চনতে নিৰ্মাণ কৰা হৈছিল এই বান্ধটো।

৩০ মিটাৰ উচ্চ, ৩.২ কিলোমিটাৰ দীঘল আৰু ১৮ বৰ্গ কিলোমিটাৰ আৱৰি থকা এই বান্ধটো সম্পূৰ্ণৰূপে ভাঙি পৰাৰ আশংকা কৰা হৈছে। বিশাল এলেকাৰ বান্ধৰ পানী এৰি দিয়া হৈছে। 

ফলত বানৰ ভয়াৱহতা আৰু অধিক বৃদ্ধি পাইছে। স্থানীয় গভৰ্নৰ আলেকজেণ্ডাৰ প্ৰকুদিনে প্ৰকাশ কৰা অনুসৰি ১৮ ফুট উচ্চতালৈ উঠিছে বান পানী। পানীৰ তলত আছে ২৩১ বৰ্গ মাইল এলেকা।

ইউক্ৰেইনৰ এই পৰিস্থিতিৰ বাবে কিভে ৰাছিয়াকে জগৰীয়া কৰি দাবী কৰিছে যে, তেওঁলোকে বান্ধটো ভাঙি পেলাইছে। এই কাৰ্যক এক প্ৰকাৰৰ সন্ত্ৰাসবাদ আখ্যা দিছে জেলনেস্কিয়ে।

তেওঁ ইউক্ৰেইনক জলমগ্ন কৰি, ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰি দমন কৰি ৰাখিব নোৱাৰে বুলি মন্তব্য কৰিছে। ইফালে ৰাছিয়াৰ দাবী এই বান্ধ ৰাছিয়াই নহয়, জেলনস্কি প্ৰশাসনেহে ভাঙিছে।