আন্তঃৰাষ্ট্ৰীয়

এয়া জানি বুজি কৰা হত্যা, আমি কেতিয়াও ক্ষমা নকৰো- ৰাছিয়াক সতৰ্কবাণী ইউক্ৰেইনৰ

asomiyapratidin

ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ'ল'দিমীৰ জেলেস্কীয়ে যুদ্ধত অত্যাচাৰ কৰা সকলো লোককে কঠোৰ শাস্তি বিহাৰ সংকল্প লয়। জেলেস্কীয়ে কয় যে আমি এয়া কেতিয়াও পাহৰি নাযাও আৰু এই যুদ্ধত অন্তৰ্ভুক্ত হোৱা লোক সকলক আমি ক্ষমা নকৰো।

জেলেস্কীয়ে কয় যে "এয়া এক হত্যা আৰু জানি বুজি কৰা হত্যা। আমি ক্ষমা নকৰো, পাহৰিও নাযাও। আমাৰ নিজৰ ভূমিত এই যুদ্ধত অত্যাচাৰ কৰা সকলোকে শাস্তি দিম।কবৰৰ বাহিৰে এই পৃথিৱীত আন কোনো শান্তিৰ স্থান নোহোৱা হ'ব"।

উল্লেখ্য যে, ৰাছিয়াই ধ্বংসস্তুপত পৰিণত কৰিছে ইউক্ৰেইনৰ একাংশ চহৰ। ইতিমধ্যে কেইবাখন দেশে ৰাছিয়াৰ ওপৰত বিভিন্ন ক্ষেত্ৰত আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিলেও এতিয়ালৈকে ৰাছিয়াই হাৰ মনা নাই। অৱশ্যে দুয়োখন দেশৰ মাজত দুবাৰকৈ আলোচনা হোৱাৰ পাছতো কোনো সমাধান নোলাল।