আন্তঃৰাষ্ট্ৰীয়

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ চীনৰ ৰাষ্ট্ৰপতি…

asomiyapratidin

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিংপিং অহা ১১ অক্টোবৰত আহিব ভাৰতলৈ। প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোডীক চেন্নাইত সাক্ষাৎ কৰিব চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই ভ্ৰমণকালত দুয়োগৰাকী বিশ্বনেতা ৪ খন পৃথক পৃথক বৈঠকত প্ৰায় ৫ ঘন্টাৰ বাবে মিলিত হব। এই সময়চোৱাত চেন্নাইৰ সমুদ্ৰৰ কাষত কাষত থকা এখন আটকধুনীয়া হোটেলত থাকিব দুয়োগৰাকী নেতা। উল্লেখ্য যে, শুকুৰবাৰে পুনৰ চীনলৈ উভতিব ৰাষ্ট্ৰপতিগৰাকী। বৈঠকৰ উপৰিও কেইবাটাও সাংস্কৃতিক অনুষ্ঠানত ভাগ লব চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।