আন্তঃৰাষ্ট্ৰীয়

দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিলে ৰবী কুমাৰ দাহিয়াই..

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজাৰু ৰবি দাহিয়াই অলিম্পিকত বাৰতৰ হৈ দ্বিতীয়টো ৰূপৰ দখল কৰিলে। বৃহস্পতিবাৰে মল্লযুঁজৰ ফাইনেল খেলত অৱতীৰ্ণ হোৱা ৰবি কুমাৰ দাহিয়াই দেশলৈ স্বৰ্ণ পদক কঢ়িয়াই আনিব বুলি আশা কৰা হৈছিল যদিও তেওঁ ৰূপৰ পদকতেই শান্ত থাকিবলগীয়া হয়।

ফাইনেলত ৰবী কুমাৰে উৰুগুৱেৰ প্ৰতিপক্ষ জাভুৰ য়ুগুয়েভৰ বিৰুদ্ধে ৪-৭ ব্যৱধানত পৰাস্ত হ'বলগীয়া হয়। অলিম্পিকত মল্লযুঁজত ৫৭ কেজি শাখাত প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱা ৰবী কুমাৰ দাহিয়াই প্ৰথমৰে পৰাই টকিঅ-২০২০ত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। ছেমি ফাইনেলত তেওঁ কাজাখিস্তানৰ ছানায়াভ নুৰইছলামক পৰাস্ত কৰিবলৈ সক্ষম হৈছেল।