আন্তঃৰাষ্ট্ৰীয়

বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান…

asomiyapratidin

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশত জিঅ' গীগাফাইবৰ প্লান মুকলি কৰা আম্বানী পৰিয়াল ভাৰতৰ লগতে সমগ্ৰ এছিয়াৰেই আটাইতকৈ ধনী পৰিয়ালৰ ভিৰতৰত অন্যতম। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰমেন মুকেশ আম্বানীৰ বাৰ্ষিক আয় ১৫ কোটি টকা। আৰু আম্বানী পৰিয়ালৰ বাৰ্ষিক মুঠ আয় ৫০.৪ বিলিয়ন অৰ্থাৎ ৫০,৪৪০ কোটি টকা। এই ধনৰাশিৰে আম্বানী পৰিয়াল ২০১৯বৰ্ষৰ বিশ্বৰ ধনী পৰিয়ালৰ তালিকাত নৱম স্থানত আছে।

কিন্তু বছৰী ইমানখিনি টকা উপাৰ্জন কৰা পৰিয়ালটো যদি বিশ্বৰ নৱম স্থানতহে থাকে, তেন্তে এই তালিকাৰ প্রথম স্থানত থকা পৰিয়ালটোৰ বাৰ্ষিক আয় কিমান সেই কথা জানিলে আপুনিও আচৰিত হৈ পৰিব! ২০১৯বৰ্ষৰ বিশ্বৰ ধনী পৰিয়ালৰ তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকাস্থ ৱালমাৰ্ট ছুপাৰমাৰ্কেটৰ স্বত্তাধিকাৰৰ পৰিয়াল। পৃথিৱীৰ আটাইতকৈ অধিক ধন উপাৰ্জন কৰা এই ৱালমাৰ্ট পৰিয়ালটোৰ প্ৰতি মিনিটত আয় ৭০ হাজাৰ ডলাৰ অৰ্থাৎ ৪৯,৮৭,৬৭৫ কোটি টকা।

https://www.instagram.com/p/B1D7w4LHbsu/?utm_source=ig_embed

ব্লুমবাৰ্গে বিশ্বৰ ২৫টা আটাইতকৈ ধনী পৰিয়ালৰ এক তালিকা প্ৰস্তুত কৰিছে। আৰুএই তালিকাৰ প্ৰথম স্থানত আছে ৱালমাৰ্ট পৰিয়াল। এই পৰিয়ালটোৱে প্ৰতি ঘণ্টাত ৪ মিলিয়ন(২৮,৪৫,৬৮,০০০ টকা), প্ৰতিদিনত ১০০ মিলিয়ন (৭,১১,৪২,০০,০০০ টকা)উপাৰ্জন কৰে। ৱালমাৰ্টআৰু আম্বানী পৰিয়ালৰ উপৰিও এই তালিকাত স্থান লাভ কৰিছে মাৰ্ছ পৰিয়াল, ফেৰাৰীপৰিয়াল আৰু হায়াট হোটেলৰ স্বত্তাধিকাৰৰ পৰিয়ালটোৱে।