আন্তঃৰাষ্ট্ৰীয়

কোভিডৰ পিছত আটাইতকৈ বেছি অৰ্থনৈতিক সংকটত পৃথিৱীঃ বিশ্ব বেংক…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্ব বেঙ্কৰ অধ্যক্ষ ডেভিদ মালপাছে কয় যে, ১৯৩০ৰ পিছত কৰোনা মহামাৰীয়ে বিশ্বক আটাইতকৈ বেছি অৰ্থনৈতিক অৱনতি ঘটিছে।বহুতো বিকাশশীল আৰু দৰিদ্ৰ দেশৰ বাবে কোভিড-১৯ মহামাৰীক "বিপদজনক পৰিঘটনা" বুলি বৰ্ণনা কৰিছে অধ্যক্ষ গৰাকীয়ে। তেওঁ সাংবাদিকক কয় যে, অৰ্থনৈতিক সংকোচনৰ পৰিমাণৰ প্ৰতি লক্ষ্য ৰাখি বহু দেশত ঋণৰ সংকট পৰাৰ আশংকা বৃদ্ধি পাইছে।

আন্তৰ্জাতিক বিত্তীয় পুঁজি আৰু বিশ্ব বেঙ্কৰ বাৰ্ষিক সভাৰ সময়তে বুধবাৰে মালপাছে সাংবাদিক সকলৰ আগত কয় যে, সেই অনুষ্ঠানটোৰ বৈঠকসমূহত বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে বিবেচনা কৰা হয়।  এই অৱনতি আটাইতকৈ হতাশজনক বুলি মন্তব্য কৰে   অধ্যক্ষ গৰাকীয়ে কয় যে, বিকাশশীল দেশ আৰু দৰিদ্ৰ দেশসমূহৰ বাবে ই সঁচাকৈয়ে হতাশাজনক আৰু ভয়াৱহ পৰিঘটনা।