আন্তঃৰাষ্ট্ৰীয়

শুকুৰবাৰৰ পৰা মহিলা ফুটবল বিশ্বকাপ

asomiyapratidin

ডিজিটেল ডেস্কঃ অজস্ৰ ক্ৰীড়াপ্ৰেমীৰ অপেক্ষাৰ অন্ত পেলাই শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব মহিলা ফুটবল বিশ্বকাপ। ১৯৯১ চনৰ পৰা আৰম্ভ হোৱা এই ফুটবলৰ মহাৰণখনৰ এইবাৰৰ আয়োজক ফ্ৰান্স। প্ৰথমবাৰৰ বাবে দেশখনৰ ৰাজধানী পেৰিছত আয়োজন কৰা হৈছে মহিলা ফুটবল বিশ্বকাপ।

মুঠ ২৪ টা দলে অংশ ল'ব এই বিশ্বকাপত। মুঠ ৬টা গ্ৰুপত ভাগ কৰা দলকেইটা হৈছে গ্ৰুপ এত ফ্ৰান্স, নৰৱে', দক্ষিণ কোৰিয়া, নাইজেৰিয়া। গ্ৰুপ বিৰ দলকেইটা হৈছে জাৰ্মানী, স্পেইন, চীন, দক্ষিণ আফ্ৰিকা। থিক তেনেদৰে চি গ্ৰুপৰ দলকেইটা হৈছে ইটালী, ব্ৰাজিল, অষ্ট্ৰেলিয়া, জামাইকা। গ্ৰুপ ডিত আছে ইংলেণ্ড, স্কটলেণ্ড, আৰ্জেণ্টিনা, জাপান। তাৰ সমান্তৰালকৈ গ্ৰুপ ইত নেডাৰলেণ্ড, কানাডা, নিউজীলেণ্ড, কেমেৰুন আৰু গ্ৰুপ এফত ছুইডেন, আমেৰিকা, চিলি, থাইলেণ্ড ইত্যাদি দলসমূহ আছে।

বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা দলে লাভ কৰিব ২৪ কোটি টকাৰ পুৰস্কাৰ। শুকুৰবাৰৰ উদ্বোধনী খেলখনত ফ্ৰান্সৰ মুখামুখি হ'ব দক্ষিণ কোৰিয়া।