আন্তঃৰাষ্ট্ৰীয়

ইমৰান খানৰ বিৰুদ্ধে গণ বিক্ষোভ কিয় পাকিস্তানত…

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিপক্ষ দলবোৰে ইমৰাণ খান চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক গণ প্ৰতিবাদ অক্ষুন্ন ৰাখি তেওঁলোকৰ প্ৰতিবাদ সাৱস্ত্য কৰিছে। তেওঁলোকে অভিযোগ কৰে যে, সামৰিক শক্তিৰ দ্বাৰা সমৰ্থিত হৈহে ২০১৮ চনৰ নিৰ্বাচনত প্ৰধান মন্ত্ৰী গৰাকী ক্ষমতালৈ আহিছিল।

তেওঁলোকে অভিযোগ কৰে যে, খানে দেশৰ ন্যায় ব্যৱস্থা বশীভূত কৰিবলৈ চেষ্টা কৰাৰ লগতে দেশৰ অৰ্থনীতিলৈও অশনি সংকেত কঢ়িয়াই আনিছে। কোৰোনা ভাইৰাছৰ বৰ্ধিত ঘটনা প্ৰতিৰোধৰ বাবে বিক্ষোভৰ বিৰুদ্ধে চৰকাৰে বাধা দিয়াসত্ত্বেও দেওবাৰে পেচাৱাৰ চহৰত সহস্ৰাধিক নাগৰিকে প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে  প্ৰতিবাদ অক্ষুন্ন ৰাখে।উল্লেখ্য যে, ২০২৩ লৈকে পাকিস্তানৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই।

আনহাতে দুৰ্নীতি নিৰ্মোলক মুল লক্ষ্য কৰি শাসনলৈ অহা প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁক বিৰোধী নেতা সকলৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগবোৰৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ উদ্দেশ্যে এই প্ৰতিবাদ কৰা হৈছে বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী খানে পাকিস্তানৰ শক্তিশালী সামৰিক বাহিনীয়ে ৰাজনীতিত হস্তক্ষেপ কৰাৰ কথা অস্বীকাৰ কৰিছে আৰু ইয়াক এই প্ৰতিবাদে তেওঁৰ বিজয়ত সহায়ক হ'ব বুলি উল্লেখ কৰিছে।