আন্তঃৰাষ্ট্ৰীয়

ভাৰতত কেতিয়া উপলব্ধ হ’ব কোভিড ভেকচিন ‘ফাইজাৰ-বায়এনটেক’…

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ঔষধ কোম্পানী ফাইজাৰে কয় যে, কোভিডৰ-১৯ নতুন ভেকচিন ভাৰতত উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত যঠেষ্ট প্ৰতিবন্ধকতা আছে আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা আৱশ্যকীয় নীতি- নিৰ্দেশনা সন্দৰ্ভত আলোচনা অব্যাহত আছে।
ঔষধ কোম্পানীটোৱে কয় যে, তেওঁলোকে বিশ্বজুৰি বহু দেশৰ চৰকাৰৰ সৈতে ভেকচিন উপলব্ধ কৰাৰ সন্দৰ্ভত আলোচনা অৱ্যাহত ৰাখিছে। আমেৰিকাৰ ঔষধ কোম্পানীটোৱে লগতে কয়, ফাইজাৰ কেৱল চৰকাৰী অনুৰোধৰ আধাৰত চৰকাৰী প্ৰাধিকৰণ আৰু ইয়াৰ অনুমোদনৰ পিছতহে উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হ'ব।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ব্ৰিটেইনৰ দ্বাৰা আৱিস্কৃত ফাইজাৰ ভেকচিন ভাৰতত সোনকালে উপলব্ধি হোৱাৰ সম্ভাৱনা নাই।