আন্তঃৰাষ্ট্ৰীয়

ইৰানেই ইৰাকৰ আমেৰিকান দূতাবাসত চলাইছিল আক্ৰমণঃ ডোনাল্ড ট্ৰাম্প

asomiyapratidin

ডিজিটেল ডেস্কঃ ইৰাকৰ বাগদাদত আমেৰিকান দূতাবাসত হোৱা আক্ৰমণৰ আঁৰত ইৰান জড়িত থকা বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে এটা টুইটত কয় যে ইৰাকৰ আমেৰিকান দূতাবাসত ইৰানে আক্ৰমণ চলাইছে।

প্ৰণিধানযোগ্য যে, মঙলবাৰে একাংশ প্ৰতিবাদকাৰীয়ে বাগদাদস্থিত আমেৰিকান দূতাবাসৰ চৌহদত প্ৰৱেশ কৰি দূতাবাসৰ এখন দেৱাল ভাঙি পেলায়। যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ আৰু শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। এই ঘটনাক গৰিহনা দি ইৰানে খেদ ব্যক্ত কৰে। কিন্তু আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰানেই ইৰাকৰ আমেৰিকান দূতাবাসত আক্ৰমণ চলোৱা বুলি দাবী কৰে।

উল্লেখ্য যে, ইৰাকত আমেৰিকান দূতাবাসত কোনো প্ৰতিবাদকাৰীৰ প্ৰৱেশৰ এয়াই প্ৰথম ঘটনা। আমেৰিকান দূতাবাসৰ চৌদিশে এক নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো কিদৰে প্ৰতিবাদকাৰীয়ে দূতাবাসৰ চৌহদত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল তাক লৈও প্ৰশ্ন তুলিছে বিভিন্নজনে। আনহাতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাকত আমেৰিকান দূতাবাসৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ইৰাকক আহ্বান জনাইছে।