আন্তঃৰাষ্ট্ৰীয়

অনুমতি অবিহনে আমেৰিকাৰ নৌসেনাৰ এখন যুঁজাৰু বিমান ভাৰতীয় জলসীমাত প্ৰৱেশক লৈ ভাৰতৰ উদ্বেগ প্ৰকাশ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ অনুমতি নোলোৱাকৈয়ে আমেৰিকাৰ নৌসেনাৰ এখন জাহাজে লাক্ষাদ্বীপত অভিযান চলোৱাক লৈ ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতে অভিযোগ কৰে যে, সন্মতি অবিহনে কৰা এই অভিযানে সামুদ্ৰিক সুৰক্ষা নীতি উলংঘা কৰিছে।

ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ে কয় যে, সামুদ্ৰিক সুৰক্ষা নীতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰ সংঘৰ সন্ধিক লৈ ভাৰতৰ স্থিতি স্পষ্ট। অনুমতি নোলোৱাকৈ নিজৰ এক্সক্লুছিভ ইক'নমিক জ'নৰ(ই ই জেদ) ভিতৰত প্ৰেৱশ কৰি বিস্ফোৰক অস্ত্ৰ-শস্ত্ৰসহ কোনো দেশকে সামৰিক অনুশীলনৰ বাবে অধিকাৰ নিদিয়ে।

উল্লেখ্য যে, আমেৰিকাৰ নৌসেনা বাহিনীৰ এক বিবৃতিৰ যোগেদি ৭ এপ্ৰিলত ইউ এছ এছ জন পল নামৰ এখন যুঁজাৰু জাহাজ প্ৰায় ১৩০ নটিকেল মাইল পশ্চিমে ভাৰতৰ এক্সক্লুছিভ ইক'নমিক জ'নত প্ৰৱেশ কৰে। যাৰ বাবে দেশখনে নেভিগেশ্যনেল ৰাইটছ তথা ফ্ৰিডমৰ ব্যৱহাৰ কৰে। লগতে এই কথাও কয় যে, ভাৰতৰ অনুমতি নোলোৱাকৈয়ে জাহাজখন ভাৰতৰ জলসীমাৰ ভিতৰত প্ৰৱেশ কৰিছে।

ভাৰতে বিবৃতিৰ প্ৰত্যুত্তৰত জাহাজখনে ই ই জেদত সামৰিক অনুশীলন তথা যাতায়তৰ বাবে অনুমতি লোৱাৰ প্ৰয়োজন আছিল। দেশখনে এনে কাৰ্যৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে।