আন্তঃৰাষ্ট্ৰীয়

ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ব্ৰিটেইন বুধবাৰে 'ফাইজাৰ-বায়এনটেক' কোভিড ১৯ ভেকছিন ব্যৱহাৰৰ বাবে অনুমোদন কৰিছে আৰু বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিগণিত হয় । দেশখনে কয় যে এই ভেকচিনৰ টিকাকৰণ আগন্তুক সপ্তাহৰ আৰম্ভণিৰ পৰাই আৰম্ভ কৰিব।

উল্লেখ্য যে, এই ভেকচিনটোৱে বিশ্বব্যাপী সংকটৰ পৰা পৃথিৱীবাসীক স্বাভাৱিক জীৱনলৈ উভতাই আনিব বুলি আশা কৰা গৈছে। এই কোভিডে মহামাৰীৰ ৰুপ ধাৰণ কৰি প্ৰায় ১.৫ লাখ লোকৰ মৃত্যুৰ কাৰণ হৈছিল আৰু পৃথিৱীৰ অৰ্থনীতিত যি ঋণাত্মক প্ৰভাৱ পেলালে সেই ক্ষতি আছিল অপূৰণীয়।