আন্তঃৰাষ্ট্ৰীয়

ইউএইয়ে পাকিস্থানকে ধৰি ১১ খন দেশ ভ্ৰমনৰ বাবে প্ৰদান নকৰে নতুন ভিছা…

asomiyapratidin

ডিজিটেল ডেস্ক : ইউএইয়ে পাকিস্থান আৰু আন এঘাৰ খন দেশৰ নতুন ভিছা অস্থায়ীভাৱে স্থগিত কৰিছে।পৰৱৰ্তী জাননী নোপোৱালৈকে বন্ধ থাকিব নতুন ভিছা । দি এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ বিদেশী কাৰ্য্যালয়ে বুধবাৰে ইউইএ কৰ্তৃপক্ষই এই সিদ্ধান্ত কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে গ্ৰহণ কৰা বুলি মন্তব্য কৰে ।

"ইউএইয়ে পাকিস্থানকে ধৰি ১২ খন দেশৰ বাবে পৰবৰ্তী ঘোষণা নোহোৱালৈকে নতুন ভ্ৰমণ ভিছা জাৰী কৰাটো অস্থায়ীভাৱে স্থগিত কৰিছে," বুলি পাকিস্থানৰ বিদেশী কাৰ্য্যালয়ৰ মুখপাত্ৰ জাহেদ হাফিজ চাওধাৰীয়ে কয়। পাকিস্তানৰ উপৰিও, ইউএই চৰকাৰে তুৰ্কী, ইৰান, ইয়ামেন, ছিৰিয়া, ইৰাক, ছোমালিয়া, লিবিয়া, কেনিয়া আৰু আফগানিস্তানলৈ ভ্ৰমণকৰ বাবে নতুন ভিছা জাৰী কৰাটো স্থগিত কৰে।