আন্তঃৰাষ্ট্ৰীয়

কলকাতা বিমানবন্দৰত চিভিডিৰ পৰীক্ষাঃ হিমাদ্ৰী বৰ্মন আৰু আন এজনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি

asomiyapratidin

ডিজিটেল ডেস্কঃ কলকাতাৰ এনএছচিবিআই বিমান বন্দৰত দুজন যাত্ৰীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে। বেংককৰ পৰা বিমানেৰে আহি কলকাতাত নমাৰ পিছতে যাত্ৰীদুগৰাকীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে। এই দুগৰাকী লোকৰ সৈতে কলকাতাত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে কোৰোনা ভাইৰাছৰ উপস্থিতি পোহৰলৈ অহা বিমান যাত্ৰী দুগৰাকীৰ নাম হিমাদ্ৰী বৰ্মন আৰু নগেন্দ্ৰ সিং। বেলিয়াঘাটা আইডি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে দুয়োকে। ইয়াৰ পূৰ্বে অনিতা অৰানন নামৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিছিল কোৰোনা ভাইৰাছৰ উপস্থিতি।

উল্লেখ্য যে, ইতিমধ্যে কলকাতা আৰু চীনৰ মাজত চলাচল কৰা দুখন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। ৬ ফেব্ৰুৱাৰীৰ পৰা ইণ্ডিগ'ই কলকাতা আৰু গুৱাংঝোৰ মাজত চলা বিমানসমূহ বাতিল কৰিছে। জানুৱাৰী ২৭ তাৰিখৰ পৰা কলকাতালৈ অহা চীনৰ বিমানসমূহৰ যাত্ৰীৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি সন্দৰ্ভত পৰীক্ষা কৰা হৈছে।