আন্তঃৰাষ্ট্ৰীয়

ইস্তানবুলত অৱতৰণৰ সময়ত ৩ টুকুৰা হৈ পৰিল যাত্ৰীবাহী বিমানঃ নিহত ১জন, কথমপি প্ৰাণ ৰক্ষা ১৫৭ যাত্ৰীৰ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ তুৰ্কীৰ ইস্তানবুলত অৱতৰণৰ সময়ত সংঘটিত এক বিমান দুৰ্ঘটনাত ১ জন লোক নিহত হোৱাৰ বিপৰীতে ১৫৭ গৰাকী যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। জানিব পৰা মতে, ইস্তানবুলৰ সবিহা গোকসেন আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত বুধবাৰে অৱতৰণৰ সময়ত ৰানৱেত যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাত যাত্ৰীবাহী বিমানখনৰ ৩টা টুকুৰা হৈ পৰে। দুৰ্ঘটনাৰ ফলত বিমানখনৰ ভিতৰত থকা ১৫৭ জন যাত্ৰীৰ জীৱন কথমপি ৰক্ষা পৰে যদিও এজন যাত্ৰী নিহত হয় বুলি জানিব পৰা গৈছে। আনহাতে সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি আনুসৰি দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যাত্ৰীক বৰ্তমান আইচিইউত ভৰ্তি কৰি ৰখা হৈছে।

https://twitter.com/naren156258/status/1225106950779633665

ইস্তানবুলৰ গভৰ্ণৰ আলী য়াৰলীকায়াই দুৰ্ঘটনা সন্দৰ্ভত এটা টুইটযোগে জনায় কয় যে স্থানীয় সময়ানুসৰি বুধবাৰে সন্ধিয়া ৬.১৯ বজাত এই বিমান দুৰ্ঘটনাটো সংঘটিত হয়। সেই সময়ত বতৰ কিছু বেয়া হৈ থকাৰ বাবে ১৮৩ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰা তু্ৰ্কী পেগাছাচ এয়াৰলাইন্সৰ বিমানখন অৱতৰণৰ সময়ত ৰানৱেত দুৰ্ঘটনাত পতিত হয়।