আন্তঃৰাষ্ট্ৰীয়

শান্তি নবেল বঁটা পাব নেকি ডনাল্ড ট্ৰাম্পে!

asomiyapratidin

ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নাম দ্বিতীয়বাৰৰ বাবে মনোনীত কৰা হৈছে শান্তি নবেল বঁটাৰ কাৰণে। নৰৱেৰ এজন জনপ্ৰতিনিধিয়ে ট্ৰাম্পৰ নাম শান্তি নবেল বঁটাৰ বাবে মনোনীত কৰা খবৰে সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

নৰৱে নবেল কমিটীয়ে এই সন্দৰ্ভত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। উল্লেখ্য যে, শান্তি নবেল বঁটাৰ বাবে সহস্ৰজন লোকৰ নাম মনোনীত হয়। তাৰ ভিতৰত কোনোবা দেশৰ ৰাষ্ট্ৰনেতা, বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজ সংগঠক, বেচৰকাৰী সন্থা আদি থাকে।

নৰৱে জনপ্ৰতিনিধিজনৰ মতে, শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইল আৰু সংযুক্ত আৰৱ এমিৰেটছৰ মাজত শান্তি স্থাপনৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে তেওঁ এই বঁটা পোৱাটো যোগ্য। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০১৯বৰ্ষত তেওঁৰ নাম উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত শান্তি স্থাপনৰ বাবে লোৱা উদ্যোগৰ বাবে এই বঁটাৰ কাৰণে ট্ৰাম্পৰ নাম মনোনীত কৰা হৈছিল। চলিত বৰ্ষৰ ৯ অক্টোবৰত এই শান্তি নবেল বঁটাৰ প্ৰাপকৰ নাম ঘোষণা কৰা হব।