আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাৰ ৰাজপথত টকাৰ বৰষুণ, টকা দেখি গাড়ীৰ পৰা নামি আহিল লোক, চাওক ভিডিঅ’

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ এটা ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ নোটৰ বৰষুণ৷ নকল টকাৰ বৰষুণ নহয়, আচল টকাৰে বৰষুণ৷ ঘাইপথত প্ৰথমে এখন নোট দেখি এজন যাত্ৰীয়ে গাড়ীখন ৰখাই টকাৰ নোটখন আচল নে নকল বুটলি লৈ চালে৷ দেখিলে, নোটখন আচল৷ পিছত তেওঁ আৰু এনে নোট পায় নেকি ইফালে সিফালে চাই দেখিলে কিছু দুৰত আৰু দুখন নোট পৰি আছে৷ সেই দুখন বুটলে মানে কাষতে আৰু দুখন নোট…

বিনা কষ্টই দুটামান টকা লাভ কৰাত তেওঁ মুখত হাঁহি এটা বিৰিঙি উঠিল৷ তেওঁ এখনৰ পিছত সিখনকৈ নোটবোৰ বুটলি জেপত ভৰাই গৈ থাকিল৷ ব্যক্তিজনক পথৰ পৰা টকা বুটলি থকা দেখি আন যাত্ৰীবোৰেও গাড়ীৰ পৰা নামি টকবোৰ বুটলাত লাগিল৷ এনেদৰে এজন এজনকৈ কেইবাজনো লোকে ঘাইপথৰ ওপৰতে গাড়ী ৰখাই টকা বুটলাত ব্যস্ত হৈ পৰাত ক্ষন্তেক সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈ পৰে৷

এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ নিউ জাৰ্চি চহৰৰ ইষ্ট ৰাডাৰফ'ৰ্ড-৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত৷ ১৩ ডিচেম্বৰত ঘাইপথটোৰে এখন নোটভৰ্তি ট্ৰাক পাৰ হৈ যোৱাৰ পিছতে পথটোত টকাৰ বৰষুণ হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নোটভৰ্তি ট্ৰাকখনে এটা ব্যক্তিগত বেংকৰ ধন লৈ সেই পথেৰে গৈ আছিল৷ কিন্তু বাহনখনৰ এখন দুৱাৰ কোনো কাৰণত বেয়া হৈ যোৱাত ভিতৰত থকা টকা বতাহত উৰি উৰি গোটেই ঘাইপথটোতে সিঁচৰিত হৈ পৰে৷

ইফালে এই ঘটনাৰ এটা ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ য'ত লোকসকলক গাড়ীৰ পৰা নামি পথৰ ওপৰৰ পৰা নোট বুটলি থকা দেখিবলৈ পোৱা গৈছে৷ নোটভৰ্তি ট্ৰাকখনৰ পৰা এনেদৰে বতাহত সিঁচৰিত হৈ পৰা প্ৰায় ৩ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ২.১৫ কোটি টকা লুট হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে এই ধন পথৰ পৰা যি সকল লোকে বুটলি লৈছে, তেওঁলোকক চোৰ বুলি ঘোষণা কৰা হ'ব বুলিও জানিবলৈ দিয়ে নিউ জাৰ্চি প্ৰশাসনে৷