আন্তঃৰাষ্ট্ৰীয়

এনেকৈ হ’লে চোৰ ধৰিবলৈ পুলিচনো লাগে কিয়? চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ চুৰি কৰিবলৈ আহি তথ্য-প্ৰযুক্তিৰ সন্মখত হাৰ মানি চোৰে নিজ হাতেই ঘূৰাই দিলে চুৰি সামগ্ৰী। মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে বশ্যতা স্বীকাৰ কৰিলে চোৰে। এই ঘটনা সংঘটিত হৈছে থাইলেণ্ডত।

থাইলেণ্ডৰ চ'নবুৰিত এখন জুৱেলাৰী দোকানত তথ্য-প্ৰযুক্তিৰ আগত হাৰ মানিলে চোৰে। চোৰটোৱে প্ৰথমে সাধাৰণভাৱেই সোমাইছিল দোকানখনত। দোকানত থকা মানুহজনক এডাল সোণৰ চেইন খোজে চোৰটোৱে। চেইনডাল হাতত লৈ চাই আৰু তাৰ পাছত ডিঙিত পিন্ধি লয়। তাৰপাছতেই চেষ্টা পলোৱাৰ। চেইনডাল ডিঙিত লৈ পলাবলৈ চেষ্টা কৰি দোকানখনৰ দুৱাৰখন মেলিবলৈ প্ৰয়াস কৰে। কিন্তু বিফল হয় চোৰটো। দোকানীজনে হাই টেকন'ল'জীৰ এই দুৱাৰখন আগতেই বন্ধ কৰি থয়।

তাৰপাছত চোৰটোৱে পলাবলৈ কোনো পথ নোহোৱা বুলি জানিব পাৰি নিজ হাতে ঘূৰাই দিয়ে সোণৰ চেইনডাল। ধৃত চোৰটোৰ নাম ছুফাচাই পানথং। অৱশেষত দোকানীজনে চোৰটোক আৰক্ষীক গতাই দিয়ে। চাওঁক ভিডিঅ'-