আন্তঃৰাষ্ট্ৰীয়

টেক্স, টেক্স আৰু টেক্স… আইফেল টাৱাৰত এতিয়া ক্ষোভৰ জুই

asomiyapratidin

ডিজিটেল ডেস্কঃ ক্ষোভত জ্বলিছে আইফেল টাৱাৰৰ চৌদিশ। শান্ত-সমাহিত পেৰিছ চহৰত এতিয়া কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। প্ৰায় এক দশকৰ অন্তত ফ্ৰান্সৰ ৰাজপথত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে 'ইয়ালু জেকেট মোভমেণ্ট।'

হালধীয়া ৰঙৰ জেকেট পিন্ধি লাখ লাখ ফৰাচী লোকে চৰকাৰ বিৰোধী শ্লগানেৰে যোৱা দুদিন উত্তাল কৰি ৰাখে সমগ্ৰ ফ্ৰান্স। প্ৰতিবাদকাৰীক দমন কৰিবলৈ চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ লগতে নিক্ষেপ কৰিছে কন্দুৱা গেছ।

দেশখনৰ আৰক্ষীয়ে জনোৱা মতে এই পৰ্যন্ত ৰাজধানী পেৰিছৰ লগতে কেবাখনো চহৰৰ পৰা অতিকমেও ৪০০ প্ৰতিবাদকাৰীক আটক কৰা হৈছে। আৰক্ষীৰে হোৱা খণ্ড যুদ্ধত শতাধিক প্ৰতিবাদকাৰী আহত হোৱাৰ খবৰো প্ৰকাশ কৰিছে স্থানীয় সংবাদ মাধ্যমে।

কৰৰ বোজা সহিব নোৱাৰি এনেদৰে ৰাজপথলৈ ওলাই আহিছে দেশখনৰ লক্ষ লক্ষ জনতা। ক্ষুব্ধ জনতাই আৰ্জেণ্টিনাৰ জি-২০ শীৰ্ষ সন্মিলনত ব্যস্ত থকা ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পদত্যাগো দাবী কৰে।

আক্ৰমণাত্মক ৰূপ লৈ একাংশ প্ৰতিবাদকাৰীয়ে শনিবাৰে দোকান-পোহাৰকে আদি কৰি বহু চৰকাৰী সা-সম্পত্তিৰো ক্ষতিসাধন কৰে। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, এই আন্দোলনৰ ফলত শনিবাৰৰ দিনটোত কেবাকোটি ডলাৰৰ সম্পত্তি নষ্ট হৈছে।

'মাহতো কিদৰে চলিম সেই চিন্তাত টোপনি নাইকিয়া হৈ পৰিছে। কেৱল টেক্স, টেক্স আৰু টেক্স। কৰ দি দি আমি ভাগৰি পৰিছো। প্ৰতিদিনে আমাৰ ক্ৰয়ক্ষমতা হ্ৰাস পাই আহিছে। ৰাষ্ট্ৰই আমাৰ টেঁটু চেপি ধৰিছে।'- সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ উজাৰে আন্দোলনত আগভাগ লোৱা এগৰাকী মহিলা নেত্ৰীয়ে।