আন্তঃৰাষ্ট্ৰীয়

জীৱিত নেকি ভেলুপিল্লাই প্ৰভাকৰণ !

Asomiya Pratidin

ডিজিটেল ডেস্ক : শ্ৰীলংকাৰ তামিল বিদ্ৰোহী সংগঠন এল টি টি ইৰ মুৰব্বী প্ৰভাকৰণ জীৱিত থকা বুলি চাঞ্চল্যকৰ দাবী কৰিছে তামিলনাডুৰ প্ৰাক্তন কংগ্ৰেছ নেতা তথা ৱৰ্ল্ড কনফেডাৰেচন অৱ তামিলৰ অধ্যক্ষ পাঝা নেদুমাৰনে । সমগ্ৰ বিশ্বত ব্যাপ্ত হৈ থকা তামিলবাসীক এই খবৰ প্ৰদান কৰি নেদুমাৰনে কয় যে, "আমাৰ তামিল নেতা প্ৰভাকৰণ জীৱিত আছে, তেওঁ অতি সোনকালে আমাৰ মাজলৈ উভতি আহিব ।"

উল্লেখ্য যে, ২০০৯ চনৰ ১৮ মে'ত শ্ৰীলংকা চৰকাৰে তেওঁক মৃত বুলি ঘোষণা কৰিছিল । কিন্তু এতিয়া মৃত্যুৰ ১৪ বছৰ পাছত তেওঁক জীৱিত থকা বুলি চাঞ্চল্যকৰ দাবী কৰিছে প্ৰাক্তন কংগ্ৰেছ নেতা গৰাকীয়ে ।

স্মৰ্তব্য যে, ২০০৮-০৯ চনত এল টি টি ইৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল শ্ৰীলংকাৰ সেনাই । ২০০৯ চনৰ শ্ৰীলংকান সেনাৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হৈছিল প্ৰভাকৰণৰ । উত্তৰ শ্ৰীলংকাৰ মুল্লিভায়াকালেৰ অৰণ্যৰ পৰা উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ । মৃতদেহৰ সৈতে উদ্ধাৰ হৈছিল ০০১ লিখা এক লকেট, দুটা পিষ্টল, এটা টেলিস্ক'প লগোৱা টি-৫৬ ৰাইফল, এটা ছেটেলাইট ফোন আৰু কিছু ঔষধ ।

ইতিপূৰ্বে প্ৰভাকৰণৰ মৃত্যু হোৱা বুলি সকলো পক্ষ নিশ্চিত হোৱাৰ পিচত শেহতীয়াকৈ প্ৰভাকৰণ জীয়াই থকা বুলি দাবী কৰা ঘটনাই সৃষ্টি কৰিছে বিতৰ্কৰো । নেদুমাৰনে এই কথাও উল্লেখ কৰে যে, প্ৰভাকৰণৰ সন্মতি লৈয়েই এই কথা প্ৰকাশ কৰিছে নেতা গৰাকীয়ে । ইপিনে তামিলনাডুৰ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে কয় যে, শ্ৰীলংকাত যিহেতু পতন ঘটিছে ৰাজাপাকছে চৰকাৰৰ তেনেস্থলত প্ৰভাকৰণ মূলসুঁতিলৈ উভতি অহাৰ উপযুক্ত পৰিৱেশ সৃষ্টি হৈছে ।