আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তানত তালিবানৰ আক্ৰমণঃ নিহত ১৬, আহত ৪০জনৰো অধিক

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হ'বলৈ ধৰিছে আফগানিস্তান। একেটা সপ্তাহতেই দ্বিতীয়টো ভয়ানক আক্ৰমণে চলালে তালিবান সন্ত্ৰাসবাদীয়ে।

বোমা বিস্ফোৰণৰ পাছত এইবাৰ পূব-পাকিস্তানত তালিবান সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলীবৰ্ষণত ১৬জনকৈ লোক নিহত হয়। নিহতসকলৰ ভিতৰত অধিকাংশই আছিল আফগানিস্তানৰ সুৰক্ষাকৰ্মী।

আক্ৰমণত ৪০জনৰো অধিক লোক আহত হয়।ইয়াৰ পূৰ্বে তালিবান সন্ত্ৰাসবাদীয়ে সেনাবাহিনী গাড়ীত বোমাৰে আক্ৰমণ কৰিছিল।