আন্তঃৰাষ্ট্ৰীয়

প্ৰথমখন টি-২০ত বেটে বলে জিলিকিল ভাৰতঃ সূৰ্যৰ অৰ্ধশতক

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টি-২০ শৃংখলাত জয় লাভ কৰিবলৈ সক্ষম হৈছে শিখৰ ধাৱান নেতৃত্বাধীন ভাৰতীয় দলটো। ৰাহুল দ্ৰাবিড়ৰক প্ৰশিক্ষক হিচাপে লৈ শ্ৰীলংকা ভ্ৰমণ কৰা ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলা ২-১ ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত টি-২০ শৃংখলাও জয়েৰে আৰম্ভ কৰিবলৈ সক্ষম হৈছে।

দেওবাৰে কলম্বোত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ শৃংখলাত ভাৰতে ৩৮ ৰানৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। মেচখনত ভাৰতে প্ৰথমে বেটিং কৰিবলৈ আহি শ্ৰীলংকাৰ সন্মুখত ১৬৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ভাৰতে নিৰ্ধাৰণ কৰি দিয়া এই লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাই ১৮.৩ অভাৰত ১২৬ ৰাণত আটাইকেইটা উইকেট হেৰুৱাই।

মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতে প্ৰথমটো বলতেই পৃথিৱী শ্ব'ৰ উইকেট হেৰুৱায়। ইয়াৰ পাছত অধিনায়ক শিখৰ ধাৱানে ৩৬ টা বলত ১ টা ছয় ৪ টা চাৰিৰ সহায়ত ৪৬ ৰাণ সংগ্ৰহ কৰে। একেদৰে সূৰ্যকুমাৰ যাদৱে ৩৪ টা বলত ২ টা ছয় আৰু ৫ টা চাৰিৰে ৫০ ৰাণ কৰে।

ইফালে মেচখনত ভাৰতৰ ভুৱনেশ্বৰ কুমাৰক মেন অৱ দ্যা মেচ বঁটা প্ৰদান কৰা হয়। ভুৱনেশ্বৰ কুমাৰে ২২ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰে।