আন্তঃৰাষ্ট্ৰীয়

শ্ৰী লংকাৰ ধাৰাবাহিক বিস্ফোৰণত ৩ ভাৰতীয় নিহত, ঘটনাত জড়িত থকাৰ সন্দেহত ২৪ জনক আটক

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে পবিত্ৰ ইষ্টাৰ ছান'ডে পুৱাতেই শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ লগতে উপকন্ঠ অঞ্চলত তিনিটা গিৰ্জা আৰু ৩ খন হোটেলত সংঘটিত হোৱা ৮ টাকৈ বোমা বিস্ফোৰণত নিহত হৈছিল ২১৫ জন লোক আৰু আহত হৈছিল ৫০০ৰো অধিক লোক। মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে দ্বীপৰাষ্ট্ৰখনত সংঘটিত হোৱা এই ধাৰাবাহিক বিস্ফোৰণৰ পাছত চৰকাৰে নিৰাপত্তা দিশত কোনো কৃপনালি কৰা নাই।

দেশখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে সান্ধ্য আইন জাৰি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। বিদেশ মন্ত্ৰী সুষমা স্বৰাজেও দেওবাৰে জানিবলৈ দিয়ে যে, নিহত সকলৰ ভিতৰত ৩ জন আছিল ভাৰতীয় লোক। টুইটাৰ যোগে এই ঘোষণা কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে শ্ৰী লংকাৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলিও কয়।

ইফালে এই বৰ্বৰ ঘটনা সংঘটিত হোৱাৰ পাছতে সোমবাৰে পুৱালৈকে ঘটনাত জড়িত থকাৰ সন্দেহত ২৪ জনক আটক কৰিছে। আজিৰ দিনটোতে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। উল্লেখ্য যে, বিস্ফোৰণ হোৱাৰ পাছতে দ্বীপ ৰাষ্ট্ৰখনত ছচিয়েল মিডিয়া-মেছেজ সেৱা বন্ধ কৰাৰ লগতে সেনা মোতায়েন কৰা হৈছে।