আন্তঃৰাষ্ট্ৰীয়

ফটোৰ আঁৰৰ কাহিনী বিচাৰি নিজেই এক কাহিনিলৈ ৰূপান্তৰ হ’ল দানিশ ছিদ্দিকী

asomiyapratidin

২০১৮ চনৰ পুলিটজাৰ বঁটা বিজয়ী দানিশ ছিদ্দিকী তালিবান আৰু আফগান সেনাৰ সংঘৰ্ষৰ ফটো সংগ্ৰহ কৰিবলৈ গৈ আফগানিস্তানত মৃত্যু হ'ল। এগৰাকী ফটো সাংবাদিক হিচাপে তেওঁ বিশ্বৰ শীৰ্ষ ফটো সাংবাদিকসকলৰ মাজত স্থান লাভ কৰিছিল। তেওঁৰ ফটোৱে কৈছিল বহু কাহিনী। এইগাৰকী ফটো সাংবাদিকৰ বিষয়ত অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

যি কথা বহু হাজাৰ শব্দৰেও প্ৰকাশ কৰিব নোৱাৰি সেই কথা মাত্ৰ এখন ফটোৱে সুন্দৰকৈ প্ৰকাশ কৰিব পাৰে। এইদৰেই বহুজনে শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰা কথা একো একোখন ফটোৰে প্ৰকাশ কৰি নিজৰ এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল দানিশ ছিদ্দিকীয়ে। আজিৰ সময়ত দানিশ ছিদ্দিকীক হয়তো নজান মানুহ খুব কমেই ওলাব। শুক্ৰবাৰে আফগানিস্তানৰ স্পিন বোল্ডেক অঞ্চলত দানিশৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই বিশ্ব জুৰি চৰ্চা হৈছে দানিশ ছিদ্দিকীৰ বিষয়ে।

যদি এখন ছবি হাজাৰ শব্দৰ সমান হয় তেনেহলে দানিশৰ এখন ফটো লাখ শব্দৰ সমান। এই কথা কৈছে দানিশ ছিদ্দিকীয়ে অধ্যয়ন কৰা জামিয়া মালিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ফাৰহান বাছিৰ খানে। কেমেৰাৰ প্ৰতি দানিশ ছিদ্দিকীৰ আসক্তি ইমানেই বেছি আছিল যে ফটো ক্লিক কৰি কৰি তেওঁ বিশ্বৰ ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনৰ শীৰ্ষ পৰ্যায়ত উপনীত হৈছিলগৈ।

তালিবান-আফগান সেনাৰ মাজৰ সংঘৰ্ষৰ মাজতে কিছু জিৰণি..

আফগানিস্তানত দেশখনৰ সেনা আৰু তালিবানী সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষৰ দৃশ্য বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ কিছুদিনৰ পূৰ্বে উপস্থিত হৈছিলগৈ দানিশ ছিদ্দিকী। হাজাৰ হাজাৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰা যুদ্ধৰ বিভিষীকাৰ পৰিস্থিতিৰ খবৰ নিজৰ কেমেৰাৰ ফটোৰ সহায়ত বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ যোৱা দানিশ অৱশেষত নিজেই এটা খবৰ হৈ পৰিল। ফটো ভাল পোৱা দানিশ নিজেই সতীৰ্থৰ কেমেৰাত আৱদ্ধ হ'ল। সেয়াও আকৌ গুলী বিদ্ধ শৰীৰেৰে।

নিজকে এগৰাকী সফল ফটো সাংবাদিক হিচাপে গঢ়ি তোলাৰ আঁৰতো দানিশ ছিদ্দিকীৰ আছে এক বিশেষ কাহিনী। প্ৰথমে দানিশ ছিদ্দিকী আছিল এগৰাকী সাংবাদিক। নিউজ এক্স, হেডলাইনছ টুডে'ত সাংবাদিক হিচাপে তেওঁ কাম কৰিছিল। সাংবাদিক হিচাপে কাম কৰিলেও তেওঁৰ ফটোগ্ৰাফিৰ প্ৰতি আছিল এক বিশেষ আকৰ্ষণ। সেয়েহে তেওঁ কামৰ পৰা ছুটী লয় আৰু মহৰমৰ কভাৰেজৰ বাবে আমৰোহলৈ যায়, য'ত তেওঁ ৰাইটাৰৰ মুখ্য ফটোগ্ৰাফাৰক লগ পায়। তেতিয়াই ৰাইটাৰৰ মুখ্য প্ৰশিক্ষকক জনক দানিশে নিজৰ কিছুমান ফটো দেখুৱাই। তেওঁৰ সেই ফটোবোৰ ৰাইটাৰৰ মুখ্য প্ৰশিককগৰাকীয়ে দেখি ইমানেই প্ৰভাৱিত হৈছিল যে সেই সময়তে তেওঁক ৰাইটাৰৰ হৈ কাম কৰাৰ প্ৰস্তাৱ দিলে। ইয়াৰ পাছতে সলনি হৈ পৰে দানিশ ছিদ্দিকীৰ জীৱন।

দানিশৰ ছিদ্দিকৰ একালৰ সতীৰ্থই কয় যে, সেই সময়ত তেওঁৰ বয়স আছিল ২৩ ৰ পৰা ২৪ বছৰ। আমি তেতিয়া নিউজ এক্সত কাম কৰি আছিলো। দানিশ জামিয়াৰ এজন নতুন ছাত্ৰ আছিল। তেওঁ সেইসময়ত এজন সংবাদদাতা আছিল কিন্তু তেওঁ কেমেৰাটো ইমানেই ভাল পাইছিল যে সুযোগ পালেই নিজৰ কেমেৰা উলিয়াই ফটো আৰু ভিডিঅ' শ্বুট কৰিবলৈ আৰম্ভ কৰি দিছিল। আমি তেওঁৰ ফটো আৰু কেমেৰাৰ প্ৰতি থকা আসক্তিৰ প্ৰতি লক্ষ্য কৰি কৈছিলো ফটো গ্ৰাফাৰ হোৱাৰ কথা। আৰু পাছলৈ সেয়াই হৈছিল। কেৱল ফটো গ্ৰাফাৰ হোৱাই নহয়, এগৰাকী ফটো সাংবাদিক হিচাপে নিজৰ কষ্টৰ বলত বিশ্বৰ শীৰ্ষ স্থানত উপনীত হবলৈ সক্ষম হ'ল।

দানিশৰ প্ৰতিখন ফটোৰ আঁৰত আছিল একো একোটা কাহিনী। সেই কাহিনীৰ বিষয়ে দানিশে পৃথককৈ বহলাই কোৱাৰ প্ৰয়োজন নাছিল।তেওঁৰ ফটোৰ আঁৰৰ কাহিনী সাধাৰণ লোকেও সহজতেই বুজি পাইছিল। কেতিয়াবা ফটোৰ বাবেই দানিশৰ জীৱন বিপদাপন্ন হৈ পৰিছিল। আৰু সেই ফটোৰ আঁৰৰ কাহিনীৰ সন্ধানতেই দানিশৰ জীৱন অৱশেষত পৰিসমাপ্তি ঘটিল।

কোৰোনাৰ বিভীষিকা দানিশৰ কেমেৰাত

সেয়া আছিল দিল্লীৰ সংঘৰ্ষৰ সময়ৰ কথা। এজাক উন্মাদ জনতাই হাতত ৰদ, লাঠিৰে এজন ব্যক্তিক আগুৰি ধৰি লৈ প্ৰহাৰ কৰিছে। মানুহজন সেই প্ৰহাৰত মাটিত পৰি গৈছে। দানিশে সেই দৃশ্য ভিৰৰ মাজৰ পৰা নিজৰ কেমেৰাত আৱদ্ধ কৰিছিল।কিন্তু দূৰৰ পৰা সেই উন্মাদৰ দলটোৰ মাজৰ কোনো এজনে দানিশক সেই ফটো সংগ্ৰহ কৰাৰ দৃশ্য দেখি তেওঁক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰ লগে লগে বহু কেইজন লোকে দানিশক আক্ৰমণ কৰিবলৈ খেদি আহে। সেইস্থানৰ পৰা কোনোমতে হে নিজৰ প্ৰাণ ৰক্ষা কৰি আহিবলৈ সক্ষম হয় দানিশ। ইয়াৰ পাছতেই দানিশে সংগ্ৰহ কৰা সেই ফটোখন ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। লগে লগে দেশজুৰি চৰ্চা লাভ কৰে দিল্লীৰ সংঘৰ্ষৰ ভয়াবহতাৰ কথা।

বৰ্তমান সময়ত দেশৰ শীৰ্ষ ফটো সংবাদিক বুলিলেই প্ৰথমে নাম আহে দানিশ ছিদ্দিকীৰ। বিগত প্ৰায় দুটা বছৰত দেশত সংঘটিত হোৱা প্ৰায়বোৰ বৃহত ঘটনাৰেই ফটো সংগ্ৰহ কৰিছিল দানিশ ছিদ্দিকীয়ে। সেই ঘটনাৰ বোৰৰ ভিতৰত দানিশ ছিদ্দিকীয়ে সংগ্ৰহ কৰা ফটো বোৰেই আছিল আটাইতকৈ চৰ্চিত ফটো। সেয়া দিল্লীৰ কা আন্দোলনৰ সময়ৰ কথাই হওঁক, অক্সিজেনৰ অভাৱত কোভিড ৰোগীৰ মৃত্যু ঘটনাই হওক বা কোভিড ৰোগীক দাহ কৰাৰ ভয়াবহতাৰ ঘটনাই হওক।

দিল্লীৰ সেই ভয়ানক ঘটনাৰ কাহিনী..

কোনে পাহৰিব দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ৰ সেই ভয়াবহ সংঘৰ্ষৰ কথা। আৰক্ষীৰ সন্মুখতে গোপাল নামৰ এগৰাকী যুৱকে কা আন্দোলনৰ প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি গুলীওৱাৰ দৃশ্য। সেই গুলীত আহত হৈছিল প্ৰতিবাদকাৰী। সেই সম্পূৰ্ণ ঘটনা নিজৰ কেমেৰাত আৱদ্ধ কৰিছিল দানিশে। তেওঁৰ সেই ফটোৱেই কৈ দিছিল সেই সময়ৰ ভয়াৱহতাৰ কথা। ইণ্টাৰনেটৰ জগতত ভাইৰেল হৈ পৰিছিল সেই ফটো।

ঘটনাৰ সবিশেষ তথ্য উদঘাটনৰ বাবে দানিশ ছিদ্দিকীয়ে সদায়েই আনে যাবলৈ ভয় কৰা স্থানলৈয়ো যাবলৈ প্ৰস্তুত হৈ থাকে। তাৰেই উদাহৰণ যেন আফগানিস্তানৰ সেনা- তালিবানীৰ যুঁজ। সতীৰ্থ অন্যান্য সাংবাদিক যি সময়ত আফগানিস্তানৰ কাবুলত অৱস্থান কৰি খবৰৰ বাবে অপেক্ষা কৰিছিল, সেই সময়ত দানিশ ছিদ্দিকী কাবুলৰ পৰা বহু নিলগলৈ আঁতৰি গৈছিল। আফগান সেনা আৰু তালিবানৰ মাজৰ সংঘৰ্ষৰ ফটো সংগ্ৰহ কৰিবলৈ সোমাই গৈছিল ৱাৰ জ'নলৈ। সেয়ে হয়তো যুদ্ধৰ ভয়াবহতাৰ মাজত, দুয়ো পক্ষৰ সংঘৰ্ষৰ মাজতেই নিজৰ প্ৰাণ ত্যাগ কৰিলে দানিশ ছিদ্দিকীয়ে।

আফগানিস্তানৰ স্পিন বোল্ডেক অঞ্চলত উদ্ধাৰ হৈছিল এই গৰাকী প্ৰখ্যাত ফটো সাংবাদিকৰ মৃতদেহ। তেওঁৰ মূৰত আৰু হাতত গুলী লাগিছিল। কোনে, কেনেকৈ তেওঁৰ দেহলৈ লক্ষ্য কৰি গুলীয়ালে? তেওঁৰ মৃত্যুৰ বাবে কোন জগৰীয়া? আফগানিস্তানৰ ৰাষ্ট্ৰপতীয়ে দানিশৰ মৃত্যত শোক প্ৰকাশ কৰিছে। আনহাতে সন্ত্ৰাসবাদী সংগঠন তালিবানেও দানিশৰ মৃত্যুত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে শোক প্ৰকাশ কৰিছে। তালিবানে কৈছে দানিশক হত্যা কৰা নাই। আফগানিস্তানৰ সেনাইয়ো দানিশক হত্যা কৰা নাই। কিন্তু দুয়ো পক্ষৰ সংঘৰ্ষৰ মাজতেই যে দানিশৰ মৃত্যু হ'ল সেয়াও নিশ্চিত।

২০১৮ চনত ম্যানমাৰৰ ৰহিংগীয়াসকলৰ দুৰ্দশাৰ দৃশ্য তেওঁ নিজৰ কেমেৰাত আৱদ্ধ কৰিছিল। তেওঁৰ মাত্ৰ এখন ফটোৱে ৰহিংগীয়াসকলৰ জীৱনৰ দুৰ্দশাৰ কথা বিশ্বৰ আগত সুন্দৰকৈ তুলি ধৰিছিল। যাৰ বাবে তেওঁলৈ সেইবছৰ আগবঢ়োৱা হৈছিল পুলিটজাৰ বঁটা। লগে লগে বিশ্বৰ শীৰ্ষ স্থানৰ ফটো সাংবাদিকসকলৰ লগত একালগে উচ্চাৰণ হৈছিল দানিশ ছিদ্দিকীৰ নাম।

ৰহিংগীয়া সকলৰ দুৰ্দশৰা ছবি..

খবৰৰ সন্ধানত গৈ নিজেই এটা খবৰ হৈ ঘূৰি আহিল দানিশ ছিদ্দিকী।কেমেৰাৰ সৈতে খেলি ভালপোৱা মানুহটো কেমেৰাট আৱদ্ধ হৈ পুনৰ চৰ্চালৈ আহিল। নিজৰ কেমেৰাৰে বহু কাহিনী কোৱা দানিশ ছিদ্দিকী নিজেই সতীৰ্থৰ কেমেৰাত আৱদ্ধ হৈ এটা কাহিনী হৈ পৰিল। এতিয়াৰে পৰা আৰু দানিশ ছিদ্দিকীৰ কেমেৰাই কথা নকয়। কিন্তু দানিশ ছিদ্দিকীয়ে ইতিমধ্যে যিবোৰ কাহিনী ফটো আকাৰে প্ৰাকশ কৰিলে সেই কাহিনী থাকি যাব চিৰ দিন।