আন্তঃৰাষ্ট্ৰীয়

ভাঙি পৰিল কয়লাখনিৰ বান্ধ, কাঢ়ি নিলে ৪০জনৰ জীৱন…

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ-পূব ব্ৰাজিলত শুকুৰবাৰে এটা কয়লাৰ খনিত নিৰ্মিত বান্ধ ভাঙি যোৱাৰ ফলত শনিবাৰলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই ৪০ জনলৈ। বান্ধটোৰ ধ্বাংসস্তূপত বৰ্তমানেও বহু কেইজন লোক আৱদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে আৰু উদ্ধাৰকাৰী দলে তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছে। অনুমান অনুসৰি, প্ৰায় ৩০০জন লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰশাসনে আৰু অধিক লোকৰ মৃত্যু হোৱা আশংকা কৰিছে।

ইফালে, বৰষুণ হৈ থকাৰ ফলত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। তাৰোপৰি বহু সন্ধানহীন লোকৰ পৰিয়ালৰ লোকে নিজেই উদ্ধাৰ অভিযানত নামি পৰিছে। আনহাতে, ৰাজ্যখনৰ গৱৰ্ণৰগৰাকীয়ে আশ্বাস দিয়ে যে- এই ঘটনা যাৰ বাবে সংঘটিত হৈছে তেওঁলোকক ৰেহাই দিয়া নহ'ব। কয়লা খানটোৰ সঞ্চালনৰ দায়িত্বত আছে বেল নামৰ এটা কোম্পানী। শুকুৰবাৰে যেতিয়া বান্ধটো ভাঙিছিল তেতিয়া কৰ্মচাৰীসকলে খাদ্য গ্ৰহণ কৰি আছিল। আৰু নিমিষতে চৌদিশে কেৱল কয়লা খনিটোৰ ধ্বংসস্তূপ পৰিলক্ষিত হয়।

উল্লেখ্য যে, শনিবাৰলৈ কয়লাখনিটোৰ পৰা ৪০টা মৃতদেহ উদ্ধাৰ কৰা হয়। মিনাস গেৰাইছৰ উদ্ধাৰকাৰী দলৰ বিষয়া এগৰাকীয়ে জনায় যে, ২৩জনকৈ লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তদুপৰি উদ্ধাৰকাৰী দলে শনিবাৰলৈ ৪৩জনকৈ লোকক জীৱন্তে উদ্ধাৰ কৰে। আৰু অধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰে উদ্ধাৰকাৰী দলটোৱে।