আন্তঃৰাষ্ট্ৰীয়

এন্টিভাইৰাছ ছফ্টৱেৰ নিৰ্মাতা জ’ন মেকফীৰ জে’লত আত্মহত্যা…

asomiyapratidin

ডিজিটেল ডেস্কঃ কম্পিউটাৰ এন্টিভাইৰাছ ছফ্টৱেৰ নিৰ্মাতা জ'ন মেকফীয়ে স্পেইনৰ জে'লত আত্মহত্যা কৰাৰ পাছতে সমগ্ৰ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে। তেওঁ আত্মহনন কৰাৰ দিনটোতে তেওঁক স্পেইনৰ ন্যায়ালয়ে চোৰৰ গোচৰত আমেৰিকা প্ৰত্যাৰ্পণ কৰাৰ বাবে মঞ্জুৰি প্ৰদান কৰে। বহুতে চৰ্চা কৰিছে এই ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই জ'নে আত্মহননৰ পথ বাচি লয়।

উল্লেখ্য যে, বুধবাৰৰ দিনৰ ২ বজাত ৭৫ বছৰীয়া জ'ন মেকফীৰ মৃতদেহ উদ্ধাৰ কৰে জে'লৰ কৰ্তৃপক্ষই। স্পেইনৰ জে'ল কৰ্তৃপক্ষই কয় যে- প্ৰাৰম্ভিক তদন্তত এয়া আত্মহত্যা বুলি স্পষ্ট হৈছে। উল্লেখ্য যে, মেকফীক আমেৰিকাত কৰ চুৰি কৰাৰ গোচৰত অভিযুক্ত আছিল। আৰু তেওঁ দোষী সাব্যস্ত হ'লে ৩০ বছৰৰ বাবে জে'লত দিন কটাব লগীয়া হ'লহেঁতেন।