আন্তঃৰাষ্ট্ৰীয়

এগৰাকী মহিলাৰ বাবেই উৰন্ত বিমানত ২ সুৰাসত্ত যাত্ৰীৰ ঘুচিয়া-ঘুচি… ভাইৰেল VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বাটে-পথে কাজিয়া হোৱা আপুনি দেখিছে-শুনিছে। কিন্তু বিমানত গৈ থাকোতে ঘুচিয়া-ঘুচি লগা ক'ৰবাত শুনিছেনে? মাজ আকাশত উৰি থকা এখন বিমান। আসনৰ পৰা উঠি এগৰাকী মহিলাযাত্ৰী গৈছিল প্ৰস্ৰাৱগাৰলৈ। সেই সময়তে বিমানখনত থকা এজন যাত্ৰীয়ে মহিলাগৰাকীক প্ৰস্ৰাৱগাৰৰ পৰা ঘূৰি অহা সময়ত আপত্তি দৰ্শালে।

গ্লাছগোৱ প্ৰেষ্টিৱিকৰ পৰা টেনেৰিফ ছাউথলৈ গৈ থকা ৰেয়নায়ৰ নামৰ বিমান প্ৰতিষ্ঠানটোৰ এখন যাত্ৰীবাহী বিমানৰ ঘটনা এয়া। যাত্ৰীজনে মহিলাগৰাকীক প্ৰস্ৰাৱগাৰৰ পৰা ঘূৰি অহা সময়ত তেওঁৰ ভৰিৰ আঙুলিটো গচকি ধৰি প্ৰশ্ন কৰে- চেণ্ডেল ক'ত? বিনা চেণ্ডেলত প্ৰস্ৰাৱগাৰলৈ কিয়?

যাত্ৰীজনৰ এই কৰ্মকাণ্ডত মহিলাগৰাকী অৱাক হৈ পৰে। চিনি-জানি নোপোৱা ভদ্ৰলোকজনক বাধা দিবলৈ চেষ্টা কৰে। কিন্তু বেচেৰাই মানে ক'ত? আচল কথা চেণ্ডেলত নহয়। সুৰাৰ ৰাগীত কি কৰিছে বেচেৰাই গমে পোৱা নাছিল। সেই সময়তে মহিলাগৰাকীৰ প্ৰেমিকে বিষয়টো সামৰণি পেলাবলৈ তেওঁলোক দুয়োৰে মাজত থিয় দি প্ৰেমিকাক আসনলৈ লৈ যায়।

তাৰপাছত মহিলাগৰাকীক উদ্দেশ্যি সুৰাপান কৰা যাত্ৰীজনে আৰম্ভ কৰে গালি-গালাজ। অশ্ৰব্য এই গালি-গালাজৰ পাছতেই আৰম্ভ হয় আন এখন নাটক। বিমানখনৰ মাজতে দুয়োৰে মাজত লাগে ঘুচিয়া-ঘুচি। বিমানৰ আন যাত্ৰীবোৰে দুয়োকে আঁতৰাবলৈ চেষ্টা কৰে। কিন্তু দুয়ো তেতিয়া মহাবলিবান ৰূপত সমুখ-সমৰত ব্যস্ত হ'ল।

মহিলাগৰাকীৰ প্ৰেমিকক আনজন যাত্ৰীয়ে প্ৰচণ্ড জোৰেৰে প্ৰহাৰ কৰাত তেওঁৰ নাকৰ পৰা তেজ বৈ বিমানৰ মজিয়াত পৰিল। আহিল বিমান কৰ্মীসকল। কোনো মতে পৰিস্থিতি চম্ভালিলে। পিছত গম পোৱা গ'ল। কেৱল যাত্ৰীজনেই নহয়। মহিলাগৰাকীৰ প্ৰেমিকেও অত্যাধিক সুৰা সেৱন কৰিছিল।

বিমানখনৰ পাইলটে এই ঘটনা সন্দৰ্ভত উৰন্ত বিমানৰ পৰাই কৰ্তৃপক্ষক অৱগত কৰিছিল। বিমান কোম্পানীটোৰ কৰ্তৃপক্ষৰ চিধা কথা- বিমানৰ আন যাত্ৰীৰ অসুবিধা হোৱাকৈ এনে অসভ্যালী কোনো কাৰণতে সহ্য কৰা নহ'ব। বিমান অৱতৰণ কৰাৰ পাছতেই আৰক্ষীয়ে আটক কৰে দুয়োকে।

পিছে সেই আকাশত লগা দুই বিমান যাত্ৰীৰ ৰণৰ দৃশ্য এজন যাত্ৰীয়ে কেমেৰাত ভালদৰে বন্দী কৰি থলে। সেই ভিডিঅ'ই এতিয়া বিশ্বজুৰি ভাইৰেল হৈছে। নেদেখিলে আপুনি কল্পনাই কৰিব নোৱাৰিলে হেতেন বিমানৰ ভিতৰত কি যে মহাৰণ ঘটি গ'ল দুই যাত্ৰীৰ মাজত।

https://youtu.be/4e2FXWBURZ8