আন্তঃৰাষ্ট্ৰীয়

বৃহস্পতিবাৰে নতুন দিল্লীত আহি উপস্থিত হ’বহি শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰী ৰাণিল বিক্ৰমসিংঘে

asomiyapratidin

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতলৈ আহিব শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰী ৰাণিল বিক্ৰমসিংঘে। আজি বিয়লি ভাগত নতুন দিল্লীত উপস্থিত হ'বলগীয়া প্ৰধানমন্ত্ৰীজনে তেওঁৰ ভ্ৰমনকালত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব।

বিক্ৰমসিংঘৰ ভ্ৰমণকালত ভাৰতৰ নেতৃত্বত সম্পন্ন হৈ থকা শ্ৰী লংকাৰ জাফনাৰ গৃহ প্ৰকল্পৰ সম্বন্ধে আলোচনা কৰিব। তামিল অধ্যূষিত  অঞ্চলসমূহৰ ওপৰতো আলোচনা কৰিব দুয়ো দেশে।

প্ৰধানমন্ত্ৰীজনৰ এই ভ্ৰমনকালত দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সম্বন্ধ অধিক সুদৃঢ় কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মিলিত হব বৈঠকত। ইফালে শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰীজনক সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে।