আন্তঃৰাষ্ট্ৰীয়

আকাশতো যৌন নিৰ্যাতনৰ বলি! কি হৈছিল সুন্দৰী ফুঙৰ সৈতে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিমানৰ ভিতৰত বিমান পৰিচাৰিকাক যৌন নিৰ্যাতন৷ যৌন নিৰ্যাতকৰ ৰূপত খোদ বিমান পাইলট৷ সুন্দৰী পৰিচাৰিকাগৰাকীৰ গাত হাত থৈ ক'লে তুমি বৰ ধুনীয়া৷ খঙৰ ভমকত গাৰ পৰা হাত আঁতৰাই কঁপি উঠিছিল বিমান পৰিচাৰিকাগৰাকী৷ কৰ্মক্ষেত্ৰত নতুন আছিল তেওঁ৷ কি কৰিব ভাবিব পৰা নাছিল৷ বাধা দিলেও পৰিচাৰিকাগৰাকীৰ গাত হাত থৈছিল পাইলটজনে৷ যিবোৰ কথা সভ্য মানুহৰ আগত মুকলিকৈ ক'ব নোৱাৰি৷ এনে অভিজ্ঞতা আকাশত সন্মুখীন হৈ পাইলটজনৰ বিৰুদ্ধে মুখ খুলিলে এই বিমান পৰিচাৰিকাগৰাকীয়ে৷ নাম তেওঁৰ ভেনাচ ফুং৷

এই ঘটনা সন্দৰ্ভত ফুঙৰ ভাষ্য আছিল এনেধৰণৰ- 'সেই সময়ত মই কি কৰা উচিত আছিল সেয়া মই ভাবিব পৰা নাছিলো৷ মোৰ যথেষ্ট খং উঠিছিল কিন্তু মই একো কৰিবলৈ সক্ষম নাছিলো৷ তেওঁ মোৰ শৰীৰৰ য'ত ত'ত তেওঁ স্পৰ্শ কৰিছিল৷ মই কৰ্মক্ষেত্ৰত মই নতুন আছিলো বাবে তেওঁ সুযোগ লৈছিল৷'

ভেনাচ ফুং

'এগৰাকী বিমান পৰিচাৰিকাই যেতিয়া ইউনিফৰ্ম পৰিধান কৰি যাত্ৰীৰ সেৱাৰ বাবে উপস্থিত হয়, তেতিয়া বহুতে বিভিন্ন প্ৰকাৰেৰে অশ্লীল ইংগিত দিয়ে বা যৌন নিৰ্যাতনৰ চেষ্টা চলায়৷ কিন্তু প্ৰকৃততে বিমান পৰিচাৰিকা কোনো উপভোগ্য সামগ্ৰী নহয়৷' -প্ৰায় দুবছৰ পিছত তেওঁৰ সৈতে হোৱা নিৰ্যাতনৰ কথা পোহৰলৈ আনি ক্ষোভ প্ৰকাশ কৰে ফুঙে৷

উল্লেখ্য যে, বিমান পৰিচালিকাসকল কৰ্মক্ষেত্ৰত জড়িত হোৱাৰ পূৰ্বে নিৰ্যাতনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা তেনে পৰিস্থিতিত কেনেদেৰে মোকামিলা কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া হয় যদিও বাস্তৱ ক্ষেত্ৰত কেতিয়াবা সেয়া প্ৰয়োগ কৰিবলৈ অপৰাগ হয় তেওঁলোক৷