আন্তঃৰাষ্ট্ৰীয়

থানবান হ’ল কেইবাটাও পৰিয়াল, যাত্ৰীবাহী বাছ দুৰ্ঘটনাত নিহত ৩৫জন…

asomiyapratidin

ডিজিটেল ডেস্কঃ চৌদি আৰৱত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৫জনকৈ বিদেশী নাগৰিকে। ইফালে আহত হৈছে ৪ জন লোক। ৩৯জন যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বাছে আন এখন গধূৰ বাহনত খুন্দা মৰাৰ ফলতে এই ঘটনা সংঘটিত হৈছে। চৌদি আৰৱৰ পশ্চিম অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাছখনত এছিয়া আৰু আৰৱৰ তীৰ্থযাত্ৰী আছিল। আহত সকলক ভৰ্তি কৰা হৈছে আল হামনা হাস্পতালত। নিহত অধিকাংশ লোক এছিয়াৰ বুলি জানিব পৰা গৈছে। ২০১৮ চনতো এনে এক ঘটনাই সংঘটিত হৈছিল চৌদি আৰৱত। সেই ঘটনাটো ৪জন লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছিল ১২ জন।