আন্তঃৰাষ্ট্ৰীয়

সুখবৰঃ ৰাছিয়াই প্ৰস্তুত কৰিলে কোৰোনাৰ আন এক ভেকচিন..

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে ক'ৰনা ভাইৰাছ ভেকচিনৰ ও পৰীক্ষা-নিৰীক্ষাৰ কাম অব্যাহত আছে। ইতিমধ্যে বিভিন্ন মাধ্যমযোগে ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে কৰোনা ভাইৰাছৰ আন এটা ভেকছিন তৈয়াৰ কৰিছে। প্ৰাৰম্ভিক পৰীক্ষণৰ পিছত, ৰাছিয়াই ইয়াক দ্বিতীয় কোৰোনা ভেকচিন হিচাপে অনুমোদন কৰিছে।

ৰাচিয়া চৰকাৰে চৰকাৰৰ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকৰ সময়ত, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে বুধবাৰে ঘোষণা কৰে যে দেশখনে প্ৰাৰম্ভিক পৰীক্ষণৰ পিছত দ্বিতীয় কৰোনা ভাইৰাছ ভেকছিন 'এপিভাকৰোনা' অনুমোদন কৰিছে। তেওঁলোকে কয় যে, ৰাছিয়াই ইতিমধ্যে কোৰোনাৰ ষ্টোৰক-৫ ভেকচিন তৈয়াৰ কৰিছে।

ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনে কয় যে, তেওঁলোকে এতিয়া প্ৰথম আৰু দ্বিতীয় ভেকচিনৰ উৎপাদন বৃদ্ধি কৰা প্ৰয়োজন। ভেকচিনটো ছাইবেৰিয়াস্থিত ভেক্টৰ ইনষ্টিটিউটে প্ৰস্তুত কৰিছে।তেওঁলোকে কয় যে, কোৰোনাৰ প্ৰতিৰোধ কৰিবলৈ ভেকচিনৰ দুটা পালি দিব লাগিব।ইতিমধ্যে এই ভেকচিনটো প্ৰায় ১০০জন স্বেচ্ছাসেৱকৰ ওপৰত পৰীক্ষা কৰা হৈছে।