আন্তঃৰাষ্ট্ৰীয়

২০১৯ৰ ভাৰতৰ নিৰ্বাচনত চকু ৰাছিয়াৰ, আশংকা অক্সফ’ৰ্ডৰ বিশেষজ্ঞৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলাব পাৰে ৰাছিয়াই। এই আশংকা ব্যক্ত কৰিছে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ এদল বিশেষজ্ঞই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিনেট ইনটেলিজেন্স কমিটি অন ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ শুনানিত এই আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞৰ দলটোৱে।

ভাৰতৰ লগতে ব্ৰাজিলৰ নিৰ্বাচনৰ ওপৰতো ৰাছিয়াই চোকা দৃষ্টি ৰাখিছে বুলিও দলটোৱে সদৰী কৰিছে। শুনানিত ভাগ লৈ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ বালিঅল কলেজ আৰু অক্সফ'ৰ্ড ইণ্টাৰনেট বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেট শিক্ষা বিভাগৰ অধ্যাপক ফিলিপ এন হাৱাৰ্ডে এই আংশকা ব্যক্ত কৰে।

এই সন্দৰ্ভত অধিক তথ্য জনোৱাৰ পৰা বিৰত থাকি অধ্যাপক হাৱাৰ্ডে দাবী কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত চোৰাংচোৱাগিৰি কৰাৰ পিছত ৰাছিয়াই ভাৰতৰ লগতে আন কেবাখনো দেশৰ নিৰ্বাচনক লক্ষ্য কৰি লোৱাৰ পৰিণাম অধিক ভয়াৱহ হৈ পৰিব।

'মই নিশ্চিত যে আমেৰিকাৰ পৰিৱৰ্তে এতিয়া আন দেশক লক্ষ্য কৰি লৈছে ৰাছিয়াই। ইয়াৰ পলত ভাৰত তথা ব্ৰাজিলৰ দৰে ৰাষ্ট্ৰসমূহৰ বিপদ নিশ্চিত হৈ পৰিছে।'- ইয়াৰ পৰা হাত সাৰি থাকিবলৈ সংশ্লিষ্ট দেশসমূহৰ সংবাদ মাধ্যম অধিক সজাগ আৰু সচেতন হোৱা প্ৰয়োজন বুলি উল্লেখ কৰি এইদৰে কয় হাৱাৰ্ডে।

উল্লেখ্য যে, ২০১৭ চনৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত মস্কো জড়িত থকা বুলি বিশ্বৰ বিভিন্ন সংস্থাৰ লগতে স্বয়ং মাৰ্কিন চোৰাংচোৱা সংস্থায়ো মন্তব্য কৰি আহিছে।