আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়াৰ মেগনিট’গৰ্ছক বিস্ফোৰণত নিহতৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ মেগনিট'গৰ্ছকত যোৱা সোমবাৰে এক অট্টালিকাত সংঘটিত হৈছিল বোমা বিস্ফোৰণ। বিস্ফোৰণৰ বহুমহলীয়া এটা অট্টলিকা খঁহি পৰি সন্ধানহীন হৈ আছিল কেইবাজনো লোকৰ। উদ্ধাৰকাৰী দলে বিগত চাৰিদিন ধৰি উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ঘটনাস্থলীত। শুকুৰবাৰৰ লৈকে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ৩৯ জন লোকৰ মৃতদেহ। চৰকাৰে সংবাদ মাধ্যমক জানিবলৈ দিছে যে এই বিস্ফোৰণত নিহত সংখ্যাৰ আৰু বৃদ্ধি নাপায়।