আন্তঃৰাষ্ট্ৰীয়

জলবায়ু পৰিৱৰ্তন সম্পৰ্কত ভাৰত আৰু ৰাছিয়া প্ৰতি ট্ৰাম্পৰ মন্তব্য, “চাওক, সেইদেশৰ বায়ু কিমান দূষিত”…

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শেষৰখন ৰাষ্ট্ৰপতি নিৰ্বাচনী বিতৰ্কত ভাগ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পে ভাৰত আৰু ৰাছিয়াৰ ওপৰত তেওঁৰ ক্ষোভ উজাৰিছে। ট্ৰাম্পে দাবী কৰিছে যে, ভাৰত চীন আৰু ৰাছিয়াৰ বায়ুৰ গুণৱতা খুবেই প্ৰতিকূল।

 ট্ৰাম্পে পুনৰ উল্লেখ কৰিছে যে, আমেৰিকাই দেশৰ বায়ুৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ বিপৰীতে এই দেশসমূহে নিজৰ দেশৰ পৰিৱেশ ওপৰত গুৰুত্ব প্ৰদান নকৰে।ট্ৰাম্পে পেৰিচ জলবায়ু চুক্তিৰ পৰা আমেৰিকাৰ প্ৰত্যাহাৰৰ কথা উল্লেখ কৰি কয় যে, তেওঁলোকে আমেৰিকাক "অপ্ৰতিদন্দী ৰাষ্ট্ৰ" হিচাপে উপস্থাপন কৰিলে।

তেওঁ নিৰ্বাচনত তেওঁৰ প্ৰতিদন্দী আৰু ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জো ৱাইডেনৰ সতে হব লগা  নিৰ্বাচনী প্ৰতিদন্দীতা এই মন্তব্য কৰি কয়, আমেৰিকাৰ নাম পেৰিচ চুক্তিৰ পৰা এইবাবেই প্ৰত্যাহাৰ কৰি যথেষ্ট বেয়া ব্যৱহাৰ কৰা হৈছিল।