আন্তঃৰাষ্ট্ৰীয়

উপযুক্ত চিকিৎসাৰ দাবীত কাৰাগাৰত অব্যাহত এলেক্সি নাভালনিৰ অনশন

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ বিৰোধী পক্ষৰ নেতা, ক্ৰেমলিনৰ সমালোচক এলেক্সি নাভালনিয়ে কাৰাগাৰত ধাৰাবাহিকভাৱে অনশন কৰি আছে। সোমবাৰে কাৰাৰুদ্ধ নেতাগৰাকীয়ে জনোৱা মতে, তেওঁ কাৰাগাৰত জ্বৰ আৰু কাঁহত ভুগি আছে। কিন্তু তেওঁক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা নাই। সেয়েহে উপযুক্ত চিকিৎসাৰ দাবীত কাৰাৰুদ্ধ ভাৱেই যোৱা সপ্তাহৰ পৰা অনশন ধৰ্মঘট অব্যাহত ৰাখিছে।

৪৪ বছৰীয়া নাভালনিয়ে অভিযোগ কৰা অনুসৰি, তেওঁৰ জ্বৰ, কাঁহ, প্ৰচণ্ড বিষ আৰু ভৰি অসাৰ হৈ পৰাৰ বাবে কাৰাগাৰত কেৱল পেইনকিলাৰহে দি আছে। টোপনি ক্ষতি হোৱাৰ বাবে তেওঁৰ পূৰ্বৰ ওজন ৯৩ কিল'গ্ৰামৰ পৰা বৰ্তমান ৮ কিল'গ্ৰাম পৰ্যন্ত হ্ৰাস পাইছে। সেয়েহে তেওঁ আৰু অধিক স্বাস্থ্যৰ অৱনতিৰ ঘটাৰ আগতে উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ বাবে দাবী জনাইছে।