আন্তঃৰাষ্ট্ৰীয়

আৰ এছ এছ নেতাৰ দাবী- ২০২৫ৰ পিছত ভাৰতৰ অংশ হ’ব পাকিস্তান…

asomiyapratidin

ডিজিটেল ডেস্কঃ 'পাকিস্তান ভাৰতৰ অংশ হ'ব! সেই দিনলৈ বেছি দিন নাই। ২০২৫ চনৰ পিছত ভাৰতীয়ই কাৰাচী, লাহোৰ কিম্বা ৰাৱলপিণ্ডিত ঘৰ কিনি বসবাস কৰিব পাৰিব।' এই দাবী এগৰাকী আৰ এছ এছ নেতাৰ। দেওবাৰে এক জনসভাত অংশ লৈ কাশ্মীৰ বিষয়ক এক বক্তৃতা প্ৰদান কৰি আৰ এছ এছ নেতা ইন্দ্ৰেশ কুমাৰে এইদৰে মন্তব্য কৰে।

আৰ এছ নেতাগৰাকীয়ে কয়, '১৯৪৭ চনৰ পূৰ্বে পাকিস্তান বুলি কোনো ৰাষ্ট্ৰই নাছিল। ১৯৪৫ পৰ্যন্ত পাকিস্তান হিন্দুস্তানৰে এক অংশ আছিল। ২০২৫ চনৰ পিছত পুনৰ পাকিস্তান হিন্দুস্তান হৈ পৰিব। ৬ বছৰৰ পিছত ভাৰতবাসীয়ে বৰ্তমান যিকোনো ঠাইতে ঘৰ কিনি বসবাস কৰিব পাৰিব।'

কেৱল এয়াই নহয়, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি মতে, আৰ এছ এছ নেতাগৰাকীয়ে পুনৰ কয়, 'এতিয়া ৰাজনৈতিকভাৱে পট পৰিৱৰ্তন ঘটিছে। সেইবাবে আমি সপোন দেখিছো যে এদিন আমি লাহোৰত বহি চৰকাৰ চলাম। ইউৰোপিয়ান ইউনিয়নৰ দৰে ভাৰততো এখন অখণ্ড ভাৰত গঠন হ'ব।'

আনফালে, ভাৰতীয় বায়ু সেনাই পাক ভূমিত চলোৱা আক্ৰমণৰ পিছত তাৰ প্ৰমাণ বিচৰাসকলক দেশদ্ৰোহী বুলি আখ্যা দি তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।