আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত প্ৰতি লিটাৰ গাখীৰৰ দাম ১৪০, পেট্ৰল প্ৰতি লিটাৰত ১১৩ টকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছত সততে ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ধাৰত পোত গৈ থকা পাকিস্তানে আনকি কিছুদিনৰ আগৰলৈকে পৰিশোধ কৰিব পৰা নাছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰে বিদ্যুতৰ বিল। অৱশ্য এই খবৰ প্ৰকাশ হোৱাৰ পাছত পাক চৰকাৰে অস্বীকাৰ কৰিছিল এই খবৰ।

পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলি থকাৰ সময়তে শেহতীয়াকৈ পাকিস্তানৰে এখন বাতৰি কাকতে উদঙাইছে দেশখনৰ জনতাক সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কিদৰে কোঙা কৰিছে। বাতৰি কাকত খনৰ মতে বিগত আগষ্ট মাহত পাকিস্তানত ১ লিটাৰ পেট্ৰলৰ দাম হৈছিলগৈ ১১৭.৮৩ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম আছিল ১৩২.৮৩ টকা। ইন্ধনৰ এই আকাশলংঘী মূল্যৰ বিৰুদ্ধে দেশখনৰ জনতাৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে ছলিত ছেপ্তেম্বৰ মাহত প্ৰতিলিটাৰ পেট্ৰলত ৪.৫৯ টকা হ্ৰাস কৰি ১১৩.২৪ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৫.৩৩ টকা হ্ৰাস কৰি ১২৭.২৪ টকা কৰা হৈছে।

কেৱল পেট্ৰল-ডিজেলৰে নহয়, কেৰাচিন তেলৰো মূল্য পাকিস্তানত কম নহয়। প্ৰতি লিটাৰ কেৰাচিনৰ মূল্য বৰ্তমান ৯৯.৫৭ টকা। আনহাতে প্ৰতি কিলো ছি এন জিৰ মুল্য ৮৫.৫০ টকা। পাকিস্তানত সকলো পেট্ৰলিয়াম পদাৰ্থত জি এছ টিৰ পৰিমাণ হৈছে ১৭ শতাংশ। দেশখনত শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰিছে যে, প্ৰতি লিটাৰ গাখীৰৰ বাবদ জনসাধাৰণে পৰিশোধ কৰিব লাগিব ৯৪ টকাকৈ। কিন্তু কিছুসময়ত পাকিস্তানৰ জনসাধাৰণে প্ৰতি লিটাৰত গাখীৰত দিব লাগে ১১০ ৰো অধিক টকা। বৰ্তমান মহৰমৰ বতৰত পাকিস্তানত ১ লিটাৰ গাখীৰৰ দাম হৈছেগৈ ১৪০ টকা পৰ্যন্ত।