আন্তঃৰাষ্ট্ৰীয়

বৰ ভাল চোৰটো! লুটি লোৱা ধন ঘূৰাই দিলে মহিলাক, চাওঁক VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় বহু এ টি এম চুৰিকাণ্ডৰ খবৰ পাইছে। এ টি এমত কোনো লোকে ধন উলিয়াবলৈ যোৱা সময়তে চোৰে সেই ধন লুন্ঠন কৰা খবৰ বৰ্তমানৰ সময়ত প্ৰায়ে লাভ কৰা যায়। কিন্তু কোনো এ টি এম চোৰে আপোনাৰ ধন ওভতাই দিয়া খবৰ হয়তো আপুনি দেখা নাই। এনে এক ঘটনা সংঘটিত হ'ল চীনত।

চীনৰ হেয়ান চহৰত এটা চোৰে ওভতাই দিলে এগৰাকী মহিলাক ধন। দৰাচলতে চীনৰ এগৰাকী মহিলাই এ টি এমত ধন উলিয়াবলৈ গৈছিল। সেই সময়তে চোৰটোৱে মহিলাগৰাকীক চোকাস্ত্ৰ দেখুৱাই লুটিছিল ধন। মহিলা গৰাকীয়েও চোৰটোক এ টি এমৰ উলিওৱা ২৫০০ ইউৱান অৰ্থাৎ ২৬ হাজাৰ টকা দিয়ে।

কিন্তু সেইখিনি ধন লৈ সন্তুষ্ট নহ'ল চোৰটো। মহিলাগৰাকীক পুনৰ ভাবুকি দিয়ে আৰু এটিএমৰ পৰা আৰু ধন উলিয়াওৱাৰ লগতে এ টি এমৰ পৰ্দাত বেংকত আৰু কিমান ধন আছে দেখুৱাবলৈ দাবী কৰে চোৰটোৱে। মহিলাগৰাকীয়েও চোৰটোৰ দাবীত মান্তি হয়। কিন্তু মহিলাগৰাকীৰ একাউণ্টত এক টকাও নাই বুলি দেখা পাই এ টি এমৰ ডিছপ্লেত।

তাৰপাছতেই চোৰটোৰ দয়া উপজে মহিলাগৰাকীৰ প্ৰতি। চোৰটোৱে মহিলাগৰাকীক ১৫০০ ইউৱান অৰ্থাৎ প্ৰায় ১৬হাজাৰ টকা উভতাই দিয়ে। চোৰটোৰ এই ব্যৱহাৰ দেখি আচৰিত হৈ পৰে মহিলাগৰাকী। অৱশ্যে ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই সমগ্ৰ দৃশ্য বন্দী হৈছিল এ টি এমটোৰ চিচি টিভি কেমেৰাত। বৰ্তমান এই ভিডিঅ'টো বহুজনে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

চাওঁক সেই ভিডিঅ'টো-

https://youtu.be/qux2jebrj2Y