আন্তঃৰাষ্ট্ৰীয়

প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত বিমানৰ ইন্ধন…

asomiyapratidin

ডিজিটেল ডেস্কঃপানীৰ বটল তথা প্লাষ্টিকৰ বেগৰ দৰে দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ সামগ্ৰীৰে বিমান ইন্ধন প্ৰস্তুত কৰি উলিয়ালে আমেৰিকাৰ একাংশ গৱেষক তথা বৈজ্ঞানিকসকলে। জানিব পৰা মতে, আমেৰিকাৰ ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষকসকলে বিমান ইন্ধন প্ৰস্তুত কৰিবলৈ প্ৰথমে প্লাষ্টিকৰ সামগ্ৰীসমূহক এক্টিভেটেড (সক্ৰিয়) কাৰ্বনৰ সৈতে গলাইছে।

বিশ্ববিদ্যালয়খনৰ এছ'চিয়েট অধ্যাপক হানৱু লেইয়েকয়- 'প্লাষ্টিকৰ জাৱৰবোৰ সমগ্ৰ বিশ্বৰ বাবেই এক ডাঙৰ সমস্যা। এই প্লাষ্টিকৰজাৱৰবোৰৰ ব্যৱহাৰৰ এটা ভাল আৰু সাধাৰণ পথ এইটো।'

গৱেষকসকলে প্ৰথমে পানীৰ বলট, প্লাষ্টিকৰ অন্যবোৰপেলনীয়া সামগ্ৰীসমূহ ৩ মিলি মিটাৰ সৰুকৈ টুকুৰা টুকুৰ কৰি এটা টিউবৰ ভিতৰত ভৰাই৪৩০ৰ পৰা ৫৭১ ডিগ্ৰী চেলচিয়াছলৈ গৰম কৰি এটা এক্টিভেটেড কাৰ্বনৰ ওপৰত ৰাখি বিমানৰইন্ধন প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে।