আন্তঃৰাষ্ট্ৰীয়

RRR ছবিৰ খলনায়ক ৰে ষ্টিভেনছনৰ মৃত্যুঃ এছ এছ ৰাজামৌলিৰ শোক প্ৰকাশ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বজুৰি জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা RRR  চিনেমাখনৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছন আৰু নাই। মাত্ৰ ৫৮ বছৰ বয়সতে দেহাৱসান ঘটে এইগৰকী সুদক্ষ অভিনেতাৰ।

আৰ আৰ আছ ছবিখনত ৰে ষ্টিভেনছনে স্কট বাক্সটনৰ চৰিত্ৰত অভিনয় কৰি এই চৰিত্ৰটোক এক অনন্য ৰূপত তুলি ধৰিছিল। তেওঁৰ অভিনয় দক্ষতাই তেওঁক এগৰাকী কুক্ষাত ব্ৰিটিছ গৱৰ্ণৰ হিচাপে চেলুলয়ডত তুলি ধৰিছিল।

এছ এছ ৰাজামৌলিৰ নিৰ্দেশনাত অভিনয় কৰা তেওঁৰ এইখন আছিল প্ৰথমখন ভাৰতীয় চিনেমা। এইগৰাকী সুদক্ষ অভিনেতাৰ বিয়োগত আৰ আৰ আৰ চিনেমাৰ পৰিচালক এছ এছ ৰাজামৌলিয়েও শোক প্ৰকাশ কৰিছে।

তেওঁ টুইটাৰত এখন ফটো আপলোড কৰি অভিনেতাগৰাকীৰ আত্মাৰচিৰ শান্তি কামনা কৰিছে। আনহাতে আৰ আৰ আৰ টীমেও অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

আৰ আৰ আৰ চিনেমাখনৰ শ্বুটিং চলি থকাৰ সময়ত ৫৬ বছৰ বয়সতো তেওঁ কিদৰে বিভিন্ন ষ্টাণ্ট কৰিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল সেই বিষয়ে উল্লেখ কৰিছে। উল্লেখ্য যে, এইগৰাকী অভিনেতাৰ মৃত্যু কিদৰে হৈছে সেই সম্পৰ্কে এতিয়ালৈকে কোনো কথা প্ৰকাশ পোৱা নাই।