আন্তঃৰাষ্ট্ৰীয়

গ্ৰেইট ব্ৰিটেইনৰ উত্তৰাধিকাৰ প্ৰিন্স চাৰ্লছৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছৰ উপস্থিতি…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতেই কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এই ভাইৰাছত আক্ৰান্ত হৈছে গ্ৰেইট ব্ৰিটেইনৰ উত্তৰাধিকাৰ প্ৰিন্স চাৰ্লছ। তেওঁৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ প্ৰকাশ পাইছে।

কোৰোনা ভাইৰাছত আক্ৰান্তৰ লক্ষণসমূহ প্ৰিন্স চাৰ্লছৰ দেহত দেখা পোৱাৰ পাছত তেওঁৰ নমুনা পৰীক্ষা কৰা হৈছিল। বুধবাৰে এই পৰীক্ষাৰ ফলাফলত স্পষ্টভাৱে উল্লেখ কৰা হয় যে চাৰ্লছৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰিছে।

উল্লেখ্য যে, বৰ্তমানলৈ সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্ত হৈছে ৪,৩৬,৪৮১জনকৈ লোক। আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই গৈছেগৈ ১৯,৬৪৩জন। ইফালে, কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ ভাৰততে লকডাউন ঘোষণা কৰা হৈছে। ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ১৪ এপ্ৰিলৰ নিশা ১২ বজালৈকে সমগ্ৰ দেশ লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।