আন্তঃৰাষ্ট্ৰীয়

নতুন কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ব্ৰিটেইনত পুনৰ লকডাউন ঘোষণা…

asomiyapratidin

ডিজিটেল ডেস্ক : ব্ৰিটেইনত লকডাউন ঘোষনা । প্ৰধান মন্ত্ৰী বৰিছ জনচনে ঘোষনা কৰে লকডাউন। প্ৰধানমন্ত্ৰী গৰাকীয়ে সোমবাৰে কয় যে – ইংলেণ্ডৰ প্ৰায় ৫৬ মিলিয়ন লোক সম্পূৰ্ণ বন্ধলৈ ঘূৰি আহিব। দ্ৰুত ভাবে বিয়পি পৰা কোৰোনাক প্ৰতিহত কৰিবলৈ সম্ভবত ফেব্ৰুৱাৰীৰ মাজভাগলৈকে এই লকডাউন বলবৎ থাকিব। সকলো বিদ্যালয় বুধবাৰৰ পৰা বন্ধ থাকিব ।

ব্ৰিটেইনত কৰোনা ভাইৰাছৰ ফলত সৰ্বাধিক মৃত্যুৰ হাৰৰ বাবে জনসংখ্যাৰ প্ৰায় কিছু সংখ্যক লোক ইতিমধ্যে কঠিন নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। জনছনে কয় যে সোমবাৰে কোভিডত সংক্ৰমিত প্ৰায় ২৭,০০০ গৰাকী লোক চিকিৎসালয়ত চিকিৎসাধীন হয় , ২০২০ বৰ্ষৰ এপ্ৰিলত কোৰোনাৰ প্ৰথম সোতত কৈ ৪০ শতাংশ অধিক । ইফালে মংগলবাৰে ৮০,০০০ তকৈ অধিক লোক ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হয় ।