আন্তঃৰাষ্ট্ৰীয়

লণ্ডনত শৰবিদ্ধ ভাৰতীয়মূলৰ গৰ্ভৱতী মহিলা, প্ৰাণৰক্ষা পৰিল গৰ্ভৰ সন্তানটোৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ সন্ধিয়া বাৰান্দাত টহল দি থকা এগৰাকী গৰ্ভৱতী মহিলাক শৰবিদ্ধ কৰি হত্যা কৰিলে প্ৰাক্তন স্বামীয়ে। কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰে গৰ্ভৰ শিশুটি। মহিলাগৰাকীলৈ লক্ষ্য কৰি এৰা তীক্ষ্ন বানে তেওঁৰ বুকু ভেদ কৰে যদিও গৰ্ভৰ শিশুটিক সুকলমে বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় চিকিৎসকে। অৱশ্যে প্ৰাকৃতিক জন্মৰ ৪ সপ্তাহ পূ্‌বেই শিশুটিক ভূমিষ্ঠ কৰাবলগীয়া হোৱাত শিশুটি বাচি থকাক লৈ শংকা ব্যক্ত কৰিছে চিকিৎসকে।

পুৱ লণ্ডনৰ ইলফোৰ্ড অঞ্চলত ভাৰতীয় বংশোদ্ভূত দেৱী উনমাথাল্লেগাদুক শৰবিদ্ধ কৰা অভিযুক্ত ৰামানোদগে উনমাথাল্লেগাদুক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, পূৰ্বে ৰামানোদগেৰ সৈতে দেৱীৰ বৈবাহিক সম্পৰ্ক আছিল। তেওঁলোক দুয়োৰে তিনিটা সন্তানো আছে। কিন্তু পিছত দেৱীয়ে ধৰ্মান্তৰিত হৈ ইমতিয়াজ মহম্মদ নামৰ এজন লোকৰ সৈতে বিবাশ পাশত আবদ্ধ হয়। ধৰ্মান্তৰিত হোৱাৰ পিছত দেৱীয়ে নতুন নাম ছানা মহম্মদ ৰাখে। ইমতিয়াজ আৰু দেৱীৰ দুটি কন্যা সন্তান আছে।

আনহাতে সোমবাৰে পুৱা ইমতিয়াজে তেওঁৰ বাসগৃহৰ সন্মুখত ৰামানোদগেক হাতত ধনু লৈ ঘুৰা ঘুৰি কৰা প্ৰত্যক্ষ কৰে যদিও বিষয়টো সাধাৰণভাৱে লয়। কিন্তু কিছু সময় পিছতে এপাত বানে গৰ্ভৱতী দেৱীৰ বুকু ভেদ কৰাত ইমতিয়াজে ততাতৈয়াকৈ তেওঁক চিকিৎসায়লৈ নিয়ে। চিকিৎসকে জনোৱা মতে, মহিলাগৰাকীৰ মৃত্যু হৈছে যদিও শিশুটি এতিয়াও জীৱিত আছে। কিন্তু জন্মৰ ৪ সপ্তাহ পূৰ্বেই ভূমিষ্ঠ হোৱা শিশুটিক জীয়াই থাকিব নে নাই সেই লৈ চিকিৎসকে আশংকা ব্যক্ত কৰিছে।