আন্তঃৰাষ্ট্ৰীয়

বিশ্বত প্ৰথম বাৰলৈ এই ঘটনা! নেতাৰ চৰণ স্পৰ্শ কৰি সেৱা ল’লে প’প ধৰ্মগুৰুৱে, কাৰণ…. চাওক ভিডিঅ’

asomiyapratidin

ডিজিটেল ডেস্কঃ অশান্ত পৰিস্থিতিক শান্ত কৰিবলৈ এইবাৰ অভিনৱ পন্থা গ্ৰহণ কৰিলে দক্ষিণ ছুডানৰ প'প ফ্ৰান্সিছে। ধৰ্মগুৰুগৰাকীয়ে দক্ষিণ ছুডানৰ অশান্ত পৰিস্থিতিৰ ঠাইত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আফ্ৰিকান দেশৰ প্ৰতিদ্বন্দ্বী নেতাসকলৰ চৰণস্পৰ্শ কৰি প্ৰণিপাত জনোৱাৰ এক ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জানিব পৰা আফ্ৰিকান নেতাসকলৰ সৈতে শান্তি আলোচনাৰ পৰিপ্ৰেক্ষিতত ভেটিকান চিটীত আয়জন কৰা হৈছিল এক সমাৰোহৰ। এই সমাৰোহতে ধৰ্মগুৰুগৰাকীয়ে দক্ষিণ ছুডানৰ ৰাষ্ট্ৰপতি আৰু বিৰোধী নেতাসকলক শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত একেলগে আগবাঢ়িবলৈ আহ্বান জনায় আৰু এজন এজনকৈ নেতাসকলৰ চৰণ স্পৰ্শ কৰে।

উল্লেখ্য যে, সাধাৰণতে প'প ফ্ৰান্সিছৰ ৰীতি অনুসৰি কেৱল হোলী থাৰ্স্ট উৎসৱৰ সময়তে প'প-এ কয়দীসকলৰ ভৰি ধুৱাই দিয়ে। কিন্তু দেশৰ নেতাৰ এনেদৰে ভৰি স্পৰ্শ কৰি সেৱা জনোৱাটো সমগ্ৰ জাতিৰ প'পসকলৰ ভিতৰতে প্ৰথম।