আন্তঃৰাষ্ট্ৰীয়

ফ্ৰান্সত উপস্থিত প্রধানমন্ত্ৰী মোডী, সোমবাৰে অংশগ্ৰহণ কৰিব জি-৭ সন্মিলনত…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে ফ্ৰান্সত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জি-৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ফ্ৰান্সত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী গৰাকী। সোমবাৰে এই সন্মিলনত অংশ ল'ব নৰেন্দ্ৰ মোডীয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প সহ কেইগৰাকীও নেতাক সাক্ষাৎ কৰিব তেওঁ।

জি-৭ সন্মিলনত পৰিৱেশ, জলবায়ু, সন্ত্ৰাসবাদ আৰু ডিজিটেলৰ লগতে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। উল্লেখ্য যে, জি-৭ত অন্তৰ্ভুক্ত আছে ৭খন বিকশিত দেশ। ভাৰত ইয়াৰ সদস্য নহয় যদিও এই সন্মিলনত অংশগ্ৰহণ কৰা বাবে আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী মোডীক। জি-৭ সন্মিলনত অন্তৰ্ভুক্ত দেশসমূহ ক্ৰমে- কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, আমেৰিকা আৰু ব্ৰিটেইন।

পূৰ্বতেজি-৮ সন্মিলন আছিল। আৰু ইয়াত অন্তৰ্ভুক্ত আছিল ৰাছিয়াৰ নাম। যেতিয়া আমেৰিকাৰৰাষ্ট্ৰপতি হিচাপে বাৰাক ওবামাই দায়িত্ব গ্ৰহণ কৰিছিল, সেই সময়ত ৰাছিয়াৰ নাম বাহিৰকৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোডীৰ বিদেশযাত্ৰাৰ প্রথম পৰ্যায়ত ফ্ৰান্সত উপস্থিত হোৱাৰ পাছত এক যৌথ সংবাদমেলত তেওঁক ফ্ৰান্সৰৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱেয়ে কয়- 'আমি জি-৭ৰ ওপৰত আলোচনা কৰিছো। আমি বিচাৰিছিলোভাৰতো এই সন্মিলনৰ অংশ হওঁক। কিয়নো কিছুমান বিষয়ত আগবাঢ়িব নোৱাৰি ভাৰত অবিহনে।'