আন্তঃৰাষ্ট্ৰীয়

ৰাচিয়াত ছোফাত বহিবলৈ অস্বীকাৰ মোডীৰ, চাওক VIDEO..

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাচিয়াত ভ্রমণৰত প্ৰধানমন্ত্ৰীৰ মোডীৰ সৰলতাই দৃষ্টি আকৰ্ষণ কৰিলে বিশ্ব সংবাদ মাধ্যমৰ। পূব অৰ্থনীতি ফৰামৰ পঞ্চম পূৰ্ণাংগ অধিবেশনত অংশ লবলৈ প্ৰধান অতিথি ৰূপে মোডীক নিমন্ত্ৰণ জনাইছিল ৰাছিয়াই। এই ভ্ৰমণকালত ৰাচিয়াৰ সৈতে ১৫ খন দ্বি পাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ লগতে আন কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে আলোচনাত মিলিত হৈছিল মোডী।

ভলাদিভষ্টকত মোডীয়ে সম্বোধন কৰি ৰাচিয়াৰ পূব প্ৰান্তৰ উন্নয়নৰ বাবে ১ বিলিয়ন ডলাৰ ঋণ ভাৰতে দিয়াৰ কথাও ঘোষণা কৰিছিল। এই সন্মিলনৰ অন্তত এক ফটো ছেশ্যনৰ বাবে সাজু হৈছিল সকলো। আন দেশৰ প্ৰতিনিধিৰ সৈতে আলোকচিত্ৰ গ্ৰহণৰ বাবে মোডীৰ বাবে ৰখা হৈছিল এখন বিশেষ ছোফা। মোডীয়ে সেই ছোফা বিনম্ৰতাৰে প্ৰত্যাখান কৰি আন প্ৰতিনিধিৰ বাবে থকা এখন সাধাৰণ চকীত বহিয়ে তুলিলে ফটো। চাওক সেই ভিডিঅ-