আন্তঃৰাষ্ট্ৰীয়

পি ভি সিন্ধু দেশৰ গৌৰৱঃ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ৰ পাছতে নৰেন্দ্ৰ মোদীৰ প্ৰশংসা

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা ভাৰতীয় মহিলা শ্বাটলাৰ পি ভি সিন্ধুক দেশৰ গৌৰৱ বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এক টুইটৰ জৰিয়তে কৈছে, পি ভি সিন্ধুৰ সুন্দৰ প্ৰদৰ্শনৰ দ্বাৰা আমি সকলো উৎফুল্লিত। টকিঅ'-২০২০ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন।

লগতে তেওঁ কৈছে, সিন্ধু ভাৰতৰ গৌৰৱ আৰু এগৰাকী উৎকৃষ্ট অলিম্পিয়ান। উল্লেখ্য যে সিন্ধু দেশৰ প্ৰথমগাৰাকী মহিলা খেলুৱৈ যিয়ে অলিম্পিকত দুটাকৈ পদক দখল কৰিবলৈ সক্ষম হৈছে। টকিঅ'ত ব্ৰঞ্জৰ পদক দখল কৰা সিন্ধুৱে ২০১৬ত ৰিঅ'ত ৰূপৰ পদক লাভ কৰিছিল।

সিন্ধুৰ পূৰ্বে ৰেষ্টলাৰ সুশীল কুমাৰে দুটাকৈ অলিম্পিক পদক লাভ কৰিছিল। ২০০৮ৰ বেইজিং অলিম্পিক আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত সুশীল কুমাৰে ৰূপৰ পদক লৱাভ কৰিছিল।