আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আমন্ত্ৰণত সঁহাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ আৰু ২৩ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া আন্তৰাষ্ট্ৰীয় কৰ্ণধাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাডেনৰ আমন্ত্ৰণ গ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে শুক্ৰবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ুৰ সম্পৰ্কে আলোচনা হ'বলগীয়া কৰ্ণধাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাডেনৰ আমন্ত্ৰণ গ্ৰহণ কৰে।

উক্ত আন্তৰাষ্ট্ৰীয় সন্মিলনখন  ২২-২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব।  ৰাজহুৱা দৰ্শনৰ বাবে সন্মিলনখন সম্প্ৰচাৰ কৰাও হ'ব। এই সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত শক্তি,জলবায়ু আৰু জিডিপিৰ ওপৰত বিশেষভাৱে আলোচনা হ'ব। সন্মিলনত বিশ্বৰ প্ৰায় ১৭ খন দেশে অংশগ্ৰহণ কৰিব।

জানিব পৰা মতে, অহা ৫ ৰ পৰা ৮ এপ্ৰিললৈ  জলবায়ুৰ সন্দৰ্ভত কিছু আভাস ল'বৰ বাবে আমেৰিকাৰ বিশেষ ৰাষ্ট্ৰপতি দূত জন কেৰী ভাৰত ভ্ৰমণলৈ আহিব।