আন্তঃৰাষ্ট্ৰীয়

আত্মহত্যা কৰিবলৈ চুৰি কৰিলে বিমান

asomiyapratidin

ডিজিটেল ডেস্কঃ আত্মহত্যাৰ এক নতুন কৌশল আৱিষ্কাৰ কৰিলে আমেৰিকাৰ এজন লোকে। হৰা'ইজন বিমান কোম্পানীত কৰ্মৰত ২৯ বছৰীয়া ৰিচন্দ ৰচেল নামৰ এজন লোকে নিজ কম্পেনীৰে এখন বিমান চুৰ কৰিছিল কেৱল আত্মহত্যাৰ বাবে।

খবৰ অনুসৰি এইলোক জনে বিমান বন্দৰত থকা ৭৬ আসনযুক্ত এখন বিমান চুৰ কৰিছিল। আমেৰিকাৰ তদন্তকাৰী সংস্হা এফ বি আই য়ে কোনো সন্ত্ৰাসবাদী এই কাৰ্যৰ লগত জড়িত আছিল বুলি সন্দেহ কৰিছিল যদিও অনুসন্ধানত উৰহীৰ ওৰ ওলাই পৰে।

ৰিচান্দ ৰচেলে আত্মহত্যাৰ বাবেই বিমানখন উৰুৱাই নিয়াৰ কিছুসময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হয়। ৰিচান্দে কিছুদিনৰ পৰা নিৰাশাত ভুগি আছে বুলি অৱগত কৰিছিল কোম্পানীটোৰ কৰ্তৃপক্ষক। আত্মহত্যাৰ বাবে যুৱকজনে এনেদৰে বিমান চুৰিৰ দৰে পন্থা বাছি লোৱা ঘটনাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে।