আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰপতিৰ অদ্ভূত স্বীকাৰোক্তিঃ ধুনীয়া নাৰী মোৰ প্ৰিয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ তেওঁ সাধাৰণ মানুহ নহয়। এখন দেশৰ ৰাষ্ট্ৰপতি। মঞ্চত ৫গৰাকীকৈ মহিলাক চুমা দি চৰ্চালৈ আহিছিল ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰদ্ৰিগ' দুটেৰেটে। এই ঘটনাৰ বাবে বিতৰ্কত নাম সাঙোৰ খাই পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে আন এক বিতৰ্কিত মন্তব্যৰে চৰ্চালৈ আহিছে।

ৰাষ্ট্ৰপতি গৰাকীয়ে এক ৰাজহুৱা সভাত ঘোষণা কৰিলে যে তেওঁ প্ৰথম সমলিংগ আছিল। চিকিৎসাৰ অন্তত তেওঁ ২০০০চনত এলিজাবেথ জীমাৰেণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বৰ্তমান তেওঁ সমলিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ নকৰে।

খোদ ৰাষ্ট্ৰপতিগৰাকীয়ে ক'লে- ধুনীয়া মহিলাই তেওঁক সলনি কৰিলে। এতিয়া তেওঁৰ মহিলাৰ প্ৰতিহে আকৰ্ষণ। উল্লেখ্য যে, সমলিংগ সকলৰ প্ৰতি দিয়া বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল এইগৰাকী ৰাষ্ট্ৰপতি।